তামুলপুৰৰ এটি পথৰ জৰাজীৰ্ণ ৰূপে উদঙাই দিছে উন্নয়নৰ প্ৰকৃত স্বৰূপ

kka

কিমান উন্নয়ন বা কিমান পৰিৱৰ্তন হৈছে উন্নয়নৰ আৰু পৰিৱৰ্তনৰ শ্লোগান দিয়া বিজেপি চৰকাৰ কিম্বা প্ৰমোদ বড়ো নেতৃত্বাধীন বিটিচি চৰকাৰৰ দিনত?

বিটিআৰৰ এটি বিধ্বস্ত পথৰ বাবে এতিয়া বাৰিষা হ’লেই জীয়তু ভুগি আহিছে অঞ্চলটোৰ সৰ্বস্তৰৰ ৰাইজ।

বাক্সা জিলাৰ তামুলপুৰৰ এটি পথৰ জৰাজীৰ্ণ ৰূপে জ্বলা-কলা খুৱাইছে সাধাৰণ জনতাক।

এয়া পথ নহয় যেন বাৰিষাৰ খেতি পথাৰহে।

তামুলপুৰ মহকুমাৰ বৰবিলা- গোঁসাই কমল আলি হৈ আল্লিয়া সংযোগী এই পথছোৱাৰ বিধ্বস্ত ৰূপে পিচে মুঠেও বিচলিত কৰিব পৰা নাই জনপ্ৰতিনিধিসকলক।

পথছোৱাৰে যান-বাহন চলাচল কৰাটো দূৰৰে কথা, চাইকেল এখনো  পাৰ কৰিবলগীয়া হ’লে মানুহ বিপাঙত পৰে।

বছৰ বছৰ ধৰি বাৰিষাৰ সময়ত যাতায়াতৰ ক্ষেত্ৰত স্থানীয় লোকক  জ্বলা কলা খুৱাইছে তামুলপুৰ মহকুমাৰ বৰবিলা-গোঁসাই কমল হৈ আল্লিয়া সংযোগী এই পথছোৱাই ।

সেয়হে হাতত কোৰ লৈ  পথ মেৰামতিৰ বাবে ওলাই আহিছে স্হানীয় ৰাইজ।

লগতে ৰাইজৰ গাঁঠিৰ ধন ভাঙি  পথ মেৰামতিৰ বাবে আনিছে জেচিবিও।

পথটোৰ এনে অৱস্থাই উদঙাই দিছে চৰকাৰৰ উন্নয়নৰ প্ৰকৃত স্বৰূপ।