ভাগ্যৰ চকৰিৰ অভাৱনীয় পাক : হাউলীৰ ৰাসৰ লটাৰিত বি এম ডব্লিউ পালে নিছলা গিৰীনে

Girin Rajbongshi_2

ভাগ্যৰ চকৰিৰ অভাৱনীয় পাকে এজন দীনদুখী আৰু হুইল চেয়াৰক অৱলম্বন কৰি থকা মানুহৰ জীৱনক হঠাতে উপহাৰ দিলে বি এম ডব্লিউৰ দৰে অতি বিলাসী গাড়ী। জানিব পৰামতে, এইবছৰ হাউলীৰ ৰাসৰ লটাৰিত খেলোৱা বি এম ডব্লিউ গাড়ীখন নলবাৰী জিলাৰ টিহুৰ পুৰুখা গাৱঁৰ গিৰীন ৰাজবংশী নামৰ ব্যক্তিজনে লাভ কৰিছে।

মন কৰিব লগীয়া যে গিৰীন অতি নিছলা হোৱাৰ লগতে অন্যভাৱে সক্ষম। তেওঁ ঘূৰা-ফুৰা কৰিবৰ বাবে হুইল চেয়াৰ ব্যৱহাৰ কৰে।

আনহাতে তেওঁৰ পত্নীয়ে আনৰ ঘৰত বন কৰি জীৱিকা আহৰণ কৰে। কিন্তু ভাগ্যই তেওঁলোকক এনেকুৱা এটা উপহাৰ আনি দিলে, যিটো এজন ধনী মানুহৰ বাবেও কাচিতহে লাভ কৰা সম্ভৱ হৈ উঠে।

“এইটো বিশ্বাস কৰিবলৈকে টান লাগিছে। ভগৱানক ধন্যবাদ।” যোৱা নিশা হোৱা লটাৰিত বি এম ডব্লিউ পোৱাৰ পিছত এইদৰে কয় গিৰীনে।

উল্লেখযোগ্য যে যোৱা প্ৰায় দহ বছৰ ধৰি হাউলিৰ ৰাস মহোৎসৱ আয়োজকে লটাৰি খেল নিয়মীয়াকৈ অনুষ্ঠিত কৰি আহিছে। লটাৰিৰ প্ৰথম পুৰস্কাৰটো সাধাৰণতে অতি আকৰ্ষণীয় আৰু বহুমূলীয়া গাড়ী দিয়াৰ ব্যৱস্থা কৰে। এইবাৰো প্ৰথম পুৰস্কাৰ বি এম ডব্লিউ ৰখা হৈছিল, যিটো গিৰীন ৰাজবংশীৰ ভাগ্যত পৰে। আয়োজকে জনোৱা মতে টিকটৰ মূল্য আছিল ১০০ টকা আৰু সকলো টিকট ৰাস উৎসৱ আৰম্ভ হোৱাৰ পূৰ্বেই বিক্ৰী শেষ হৈ গৈছিল।