NORTHEAST NOW (Assamese)

ডিব্ৰুগড়ত সহকৰ্মী মহিলা চিকিৎসকক ধৰ্ষণ কৰি গ্ৰেপ্তাৰ যুৱ চিকিৎসক

June 24, 2021 8:00 pm · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক ফটো।

ডিব্ৰুগড়ত সহকৰ্মী মহিলা চিকিৎসকৰ ধৰ্ষণ কৰাৰ অভিযোগত গ্ৰেপ্তাৰ হ’ল এগৰাকী যুৱ চিকিৎসকে। চহৰখনৰ এখন ব্যক্তিগত নাৰ্ছিং হোমত সংঘটিত হৈছে এই ঘটনা।

ধৰ্ষণৰ বলি মহিলা চিকিৎসক গৰাকীয়ে ঘটনা সন্দৰ্ভত ডিব্ৰুগড়ৰ বৰবৰী আৰক্ষী চকীত এজাহাৰ দাখিল কৰে।

আৰক্ষীয়ে ইতিমধ্যে ভাৰতীয় দণ্ডবিধি আইনৰ ৩৭৬ আৰু ৩২৮ ধাৰাৰ অধীনত এটা গোচৰ ৰুজু কৰি ডিব্ৰুগড়ৰ সঞ্জীৱনি হাস্পাতালৰ চিকিৎসক ৩৪ বছৰীয়া ডাঃ নয়নজ্যোতি ডেকাক গ্ৰেপ্তাৰ কৰিছে।

সূত্ৰসমূহে জানিবলৈ দিয়া মতে, ডিব্ৰুগড়ৰে বাসিন্দা বিবাহিত ডাঃ নয়নজ্যোতি ডেকা বিগত কেইমাহ ধৰি হাস্পাতালখনৰ কোভিড-১৯ ৱাৰ্ডৰ কৰ্তব্যৰত হৈ আছে।

নয়নজ্যোতিয়ে ২০০৬বৰ্ষত অসম মেডিকেল কলেজ এণ্ড হাস্পাতালৰ পৰা এমবিবিএছ ডিগ্ৰী গ্ৰহণ কৰিছিল।

আৰক্ষী সূত্ৰই প্ৰকাশ কৰা মতে, ঘটনাৰ বলি মহিলা চিকিৎসকগৰাকীয়ে বৃহস্পতিবাৰে ৰাতিপুৱা দাখিল কৰা অভিযোগৰ ভিত্তিত এটা ধৰ্ষণৰ গোচৰ ৰুজু কৰি অভিযুক্ত ডাঃ নয়নজ্যোতি ডেকাক গ্ৰেপ্তাৰ কৰে।

অভিযোগ অনুসৰি বুধবাৰে নিশা হাস্পাতালত কৰ্তব্যৰ সময়তে ঘটনাটো সংঘটিত হয়। ঘটনাৰ বলি মহিলা চিকিৎসকগৰাকীৰ মেডিকেল পৰীক্ষা সম্পন্ন কৰা হৈছে আৰু পৰীক্ষাৰ ৰিপ’ৰ্টৰ বাবে অপেক্ষা কৰা হৈছে।

হাস্পতালৰ এটা কোঠাতেই চিকিৎসক ডাঃ নয়নজ্যোতি ডেকাই এই জঘন্য কাণ্ড সংঘটিত কৰা বুলি জানিব পৰা গৈছে।

Related News