যোৰহাট জিলাৰ মৰিয়নীত ৰে’ল ইঞ্জিনৰ খুন্দাত হাতী পোৱালিৰ কৰুণ মৃত্যু

Screenshot_2020-11-25-16-08-11_1

যোৰহাট জিলাৰ মৰিয়নীত ৰে’লৰ ইঞ্জিনৰ খুন্দাত এটা বনৰীয়া হাতী পোৱালিৰ কৰুণ মৃত্যু ঘটিছে৷

কালি নিশা সংঘটিত হয় এই শোকাৱহ ঘটনা l

ঘটনা অনুসৰি মৰিয়নী ধাপাটবাৰী অঞ্চলত কালি নিশা গিৱণ অভয়াৰণ্যৰ পৰা খাদ্য সন্ধানত ওলাই অহা হাতীৰ এটা জাকক উজনিমুৱা দুটা ৰে’লৰ ইঞ্জিনে খুন্দা মাৰে৷

ৰে’লৰ ইঞ্জিনৰ খুন্দাত থিতাতে এটা হাতীৰ পোৱালিৰ মৃত্যু হোৱাৰ উপৰিও আন দুটা হাতী গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়৷

উজনিমুৱা ১২৯০১ আৰু ৭০৪৮৮ নম্বৰৰ ৰে’লৰ ইঞ্জিন দুটাই ৰে’লৰ ৩৬৪/৪৫ নং কি:মি: খুঁটাৰ মাজত এই দুৰ্ঘটনা সংঘটিত কৰে৷

ৰে’লৰ ইঞ্জিন দুটা ঘন্টাত প্ৰায় ৯০ কিলোমিটাৰ গতিবেগত অহাৰ বাবেই এই শোকাৱহ ঘটনাটো সংঘটিত হয় বুলি বনবিভাগৰ উচ্চপদস্থ বিষয়াই জানিবলৈ দিছেl

হাতী পোৱালিৰ কৰুণ মৃত্যুৰ ঘটনাই প্ৰকৃতিপ্ৰেমীসকলক শোকাৰ্ত কৰি তুলিছে l