NORTHEAST NOW (Assamese)

যোৱা মংগলবাৰৰ পৰা নিৰুদ্দেশ টীয়ক বিদ্যুৎ উপ সংমণ্ডলৰ এগৰাকী কৰ্মচাৰী

November 18, 2020 3:31 pm · নীৰ্মলেন্দু পাঠক

টীয়ক বিদ্যুৎ উপ সংমণ্ডলৰ এগৰাকী কৰ্মচাৰী নিৰুদ্দেশ হৈছেl

যোৱা কালি পুৱা কাৰ্যালয়লৈ আহি সন্ধিয়া নিৰ্দিষ্ট সময়ত ঘৰ নাপালেগৈ টীয়ক বিদ্যুৎ উপ সংমণ্ডল কাৰ্যালয়ৰ কৰ্মচাৰী টীয়ক সোণাৰী মিচিং গাঁৱ উপেন মিলি নামৰ ব্যক্তিজন।

প্ৰথমতে পৰিয়ালৰ লোকে যোৱা সন্ধিয়া টীয়ক অঞ্চলত অহা প্ৰচণ্ড বতাহ ধুমুহাৰ বাবে লোকজন ঘৰলৈ ওভতাত পলম হৈছে বুলি ভাবিছিল।

কিন্তু বতাহ ধুমুহা শাম কটাৰ পিছতো বহু সময়লৈকে ঘৰ আহি নোপোৱাত পৰিয়ালৰ লোকে নিশাৰ পৰাই বিচাৰ খোচাৰ কৰিবলৈ আৰম্ভ কৰে যদিও লোকজনৰ সন্ধান লাভ কৰিবলৈ সক্ষম নহ’ল।

পৰিয়ালৰ লোকে আজি পুৱা টীয়কস্থিত বিদ্যুৎ বিভাগৰ কাৰ্যালয়ত যোগাযোগ কৰাত কালিয়েই তেওঁ নিদিৰ্ষ্ট সময়ত কাৰ্যালয়ৰ পৰা ওলাই যোৱা বুলি অৱগত কৰে।

পৰিয়ালৰ লোকে উপায়হীন হৈ ইতিমধ্যে টীয়ক আৰক্ষী থানাৰ কাষ চাপিছে আৰু কোনো সদাশয় লোকে কিবা সম্ভেদ পালে 8011575929 নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে।

Related News