বন্ধ লেফাফা

লেফাফাটোক লৈ কৰা হুলস্থূল অৰুচিকৰ৷ফুকন ছাৰৰ পৱিত্ৰ স্মৃতিৰ প্ৰতি অসন্মান৷

তৰুণ প্ৰজন্ম মানে, যোৱা প্ৰায় তিনিটা দশকৰ কবি সকলৰ প্ৰেৰণা আৰু এফালৰ পৰা কিছু প্ৰতিবন্ধকতাও আছিল নৱকান্ত বৰুৱা আৰু নীলমণি ফুকন৷প্ৰেৰণা এই কাৰণেই যে তেওঁলোক দুজনে অনুজ কবি সকলক বাট দেখুৱাইছিল৷তেওঁলোক দুজনৰ কাব্য-দৰ্শন অনুজ সকলৰ আদৰ্শ আছিল৷পাঠেয় আছিল৷প্ৰতিবন্ধকতা, কিয়নো নৱকান্ত,নীলমণিৰ কবিতাৰ আংগিক,ভাষা আৰু সামগ্ৰিক প্ৰভাবে তেওঁলোকৰ কন্ঠ যেন স্তিমিত কৰি পেলাইছিল৷ পৰিচয় ম্লান কৰি দিছিল৷ এই প্ৰভাব আছিল সচেতন আৰু অসচেতনো৷নৱকান্ত বৰুৱা দুই দশক আগতে আমাৰ মাজৰ পৰা আঁতৰি গ’ল৷নৱকান্তৰ অবৰ্তমানত আজি ইমানদিনে নীলমণিৰ শৰীৰী অস্তিত্ব আৰু সান্নিধ্যইও এই কবি সকলক উজ্জীৱিত কৰি ৰাখিছিল৷ তেখেতৰ ঘৰখন যেন কবি- তীৰ্থহে আছিল৷
সেইজন নীলমণি ফুকনৰ নকল বিতৰ্ক সম্পৰ্কে এই কবি সকলৰ সৰহসংখ্যক ভালদৰে অৱহিতই নাছিল৷ দেখদেখকৈ নকল কৰাটো বেলেগ কথা৷কিন্তু কাৰ প্ৰভাব কাৰ তাত নপৰে? পৃথিৱীত কোন এনে নিখুঁত,বিশুদ্ধ মৌলিক লেখক আছে? ফুকন ছাৰে গোটেই জীৱনটো কবিতাৰ অনুশীলন আৰু শিল্পকলা চৰ্চাত অতিবাহিত কৰিলে ৷ তেখেতৰ কবি-যশ প্ৰশ্নাতীত৷ নৱকান্ত,নীলমণিক বাদ দিলে আধুনিক অসমীয়া কবিতা থাকিবনে?
ময়ো এই নকল বিতৰ্কৰ বিষয়ে শুনিছিলোঁহে৷ কিন্তু, এইটোও জানিছিলোঁ যে ভবেন বৰুৱাই তেতিয়াই এক বিদগ্ধ লেখাৰে এই বিতৰ্কৰ মোখনী মাৰি থৈছিল৷ নীলমণি ফুকন ছাৰ অতি সংবেদনশীল মনৰ মানুহ আছিল৷তেখেতৰ বিৰুদ্ধে অনা এই অভিযোগে তেখেতক অত্যন্ত আঘাত দিছিল৷তেখেতৰ অন্তৰখন চূচুৰ্মৈহৈ গৈছিল৷হয়তো সেই দুখ আৰু ক্ষোভতে এদিন বন্ধ লেফাফাটো তেখেতে নিত্য বৰাক দিছিল৷মই এই কথাটো ইমানদিনে জনা নাছিলোঁ৷জনা হ’লে ফুকন ছাৰক সেই লেফাফাটো ঘূৰাই আনিবলৈ ক’লোহেঁতেন কেতিয়াবাই৷কাৰোবাৰ বিৰুদ্ধে আজি পাঁচ দশক এনে ক্ষোভ এটা পুহি ৰখাটো কেনে কথা? ফুকন ছাৰ তেনে ব্যক্তিনে? ক্ষমা দয়া নাই নেকি তেখেতৰ? হয়তো ছাৰে লেফাফাটোৰ কথা পাহৰিয়ে গৈছিল৷ক্ষমা এক মহান মানবীয় গুণ৷ছাৰে ইমানদিনে তেওঁলোকক ক্ষমা কৰি দিয়া নাছিলনে? এতিয়া এই লেফাফাটো খুলিলে সি আন কাক কিমান হেয় কৰে নাজানো ছাৰকো কিন্তু কম হেয় নকৰিব৷নিত্যদাই লেফাফাটো ফুকন ছাৰৰ পৰিয়ালক গতাই দিয়ক৷আমি সকলোৱে লেফাফাটোৰ কথা পাহৰি যাওঁ৷লেফাফাটোক লৈ কৰা হুলস্থূল অৰুচিকৰ৷ফুকন ছাৰৰ পৱিত্ৰ স্মৃতিৰ প্ৰতি অসন্মান৷