আৰক্ষীৰ হাতৰ পৰা পলোৱা নকলী সোণৰ বেপাৰীৰ আত্মসমৰ্পণ

NL-A

নকলী সোণৰ বেপাৰী এজন আৰক্ষী হাতৰ পৰা পলাই যাবলৈ সক্ষম হৈছে। যোৱা নিশা আৰক্ষীয়ে দোলাহাট আৰক্ষী চকীৰ আৰক্ষীৰ এটা দলে ভাৰপ্ৰাপ্ত পৰিদৰ্শক উত্তম দলেৰ নেতৃত্বত হবিবুৰ ৰহমান নামৰ এজন নকলী সোণৰ বেপাৰীক বলিটিকা-কোঁৱৰপুৰ এলেকাৰ পৰা গ্ৰেপ্তাৰ কৰিছিল। অভিযুক্ত হবিবুৰ ৰহমানৰ বিপক্ষে  লালুক আৰক্ষী থানাত ভাৰতীয় দণ্ডবিধিৰ ৪২০/৩৯২ ধাৰাত এটা গোচৰ (৫৫/১৮) পঞ্জীয়ন হৈ আছে। অভিযুক্ত ৰহমানে বলিটিতা-কোঁৱৰপুৰ এলেকাত ভালেকেইটামান অবৈধ কাম-কাজত জড়িত হৈ আছে।

কিন্তু আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰাৰ পাছত ৰহমানৰ সম্পৰ্কীয় লোকসকলে আৰক্ষীৰ দলটোক আক্ৰমণ কৰে আৰু তেতিয়াই অভিযুক্তজন পলাই যাবলৈ সক্ষম হয়।

জানিব পৰা মতে ভালেমান লোকে আৰক্ষীৰ হাতৰ পৰা হাবিবুৰক আৰক্ষীৰ হাতৰ পৰা মোকোলাই লৈ যায়। উক্ত ঘটনাত বহু কেইগৰাকী আৰক্ষীৰ লোক জখম হৈ আৰু তেলোকক উত্তৰ লখিমপুৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হৈছে। জানিব পৰা মতে আহত প্ৰবীণ বৰা, আৰু নবজিৎ শইকীয়া নামৰ আৰক্ষীৰ লোকদুগৰাকীৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে।

আজি ১১ অক্টোবৰত আৰক্ষীয়ে ফাতেমা খাতুন (অভিযুক্তৰ মাতৃ), আতাউৰ ৰহমান (ভাই), হাবিবুৰ ৰহমান (ভতিজা), ছফিকুল ইছলাম (ভতিজা), আফিয়া খাতুন (ভনী) এই ৫গৰাকী ব্যক্তি সহ হবিবুৰ ৰহমানৰ পৰিয়ালবৰ্গক গ্ৰেপ্তাৰ কৰে।

ইতিমধ্যে লখিমপুৰৰ বঙালমৰা এলেকাত নকলী সোণৰ ব্যৱসায় চলাই অহা মইনুদ্দিনক আমছুৰ সহযোগত নাওবৈচা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। মইনুদ্দিনৰ সৈতে ৩গৰাকী ক্ৰেতাকো গ্ৰেপ্তাৰ কৰা হয়।

তেওঁলোক হৈছে পাঞ্জাবৰ মালকিয়াত সিং আৰু গুৰপ্ৰীত সিং আৰু পশ্চিম বংগৰ মিঠুন পাত্ৰ। উল্লেখ্য যে যোৱা ১ অক্টোবৰৰ নিশা বঙালমৰা আৰক্ষী চকীৰ আৰক্ষীয়ে লখিমপুৰৰ ম’হঘূলিৰ পৰা ৩জন লোকক নকলী সোণৰ সামগ্ৰীৰ সৈতে গ্ৰেপ্তাৰ কৰে।

ক্ৰেতাৰ ভেশ লৈ আৰক্ষীয়ে নুৰুল ইছলাম (২৭), আনাৰুল ইছলাম (২০) আৰু নাজিম উদ্দিনক (২৬) গ্ৰেপ্তাৰ কৰে। তেওঁলোকৰ পৰা ২ কেজি নকল সোণৰ সামগ্ৰী উদ্ধাৰ কৰে।

বঙালমৰা এলেকাৰ নকলী সোণৰ ব্যৱসায়ীয়ে ফোনেৰে সস্তাতে সোণ বিক্ৰি কৰাৰ লোভ দেখুৱাই বহু দিনৰ পৰা ৰাজ্যখনৰ বহু ক্ৰেতাকেই ঠগাই আহিছে।

ইয়াৰে বেছিভাগ ক্ষেত্ৰতেই গ্ৰাহকক টকা লৈ বেপাৰীসকলে খেদি পঠিয়াইছে নহয়, আৰক্ষীয়ে নকল সোণৰ গহনাৰে ক্ৰেতাসকলক গ্ৰেপ্তাৰ কৰিছে। লখিমপুৰৰ বঙালমাৰাত এটা দশকৰো অধিক কাল ধৰি এই নকলী সোণৰ ব্যৱসায় চলি আহিছে।

শেহতীয়াভাৱে অভিযুক্ত হাবিবুৰ ৰহমানে আৰক্ষীৰ ওচৰত আত্মসমৰ্পাণ কৰিছে বুলি জানিব পৰা গৈছে।