NORTHEAST NOW (Assamese)

চামগুৰি বিদ্যুত বিভাগৰ ট্ৰেন্সফৰ্মাৰত ভয়ংকৰ অগ্নিকাণ্ড

September 17, 2020 10:54 am · বিদ্যুত জ্যোতি বৰা
ফটো : নৰ্থ-ইষ্ট নাও

বিশ্বকৰ্মা পূজাৰ দিনটোতে চামগুৰিস্থিত এ পি ডি চি এলৰ ২২০ কে ভি গ্ৰীড চাব ষ্টেচনত ভয়ংকৰ বিস্ফোৰণ সংঘটিত হৈছে। অগ্নিকাণ্ডত ৫০ এম ভি এ ট্ৰেন্সফৰ্মাৰ জ্বলি ভষ্মিভূত হয়।

জানিব পৰা মতে আজি পুৱা ছয় বজাত এই অগ্নিকাণ্ডৰ ঘটনাটো সংঘটিত হয়।

লগে লগেই চামগুৰি আৰক্ষী থানাৰ দল আৰু সোনাৰিবালিস্থিত অগ্নি নিৰ্বাপক বাহিনীৰ দল ঘটনাস্থলত উপস্থিত হৈ জুই নিৰ্বাপিত কৰে।

কি কাৰণত এই বৃহৎ অগ্নিকাণ্ডৰ ঘটনাটো সংঘতিত হ’ল সেই বিষয়ে এই পৰ্যন্ত জানিব পৰা হোৱা নাই।

ট্ৰেন্সফৰ্মাৰ জ্বলি যোৱাৰ ফলত চামগুৰি অঞ্চলত যে অনাগত কিছুদিন বিদ্যুতৰ পোহৰ নোপোৱাটো খাতাং।

ইফালে এনে দুৰ্ঘটনাৰ বাবে বিয়াগোম বিদ্যুৎ বিভাগ কিমান সতৰ্ক সেই কথাক লৈ সন্দেহ ব্যক্ত কৰিছে স্থানীয় ৰাইজে।

তদুপৰি অতি শীঘ্ৰে ট্ৰেন্সফৰ্মাৰটো মেৰামতি বা নতুন এটা স্থাপন কৰি পুনৰ চামগুৰিবাসীক বিদ্যুৎ যোগান ধৰিবলৈ দাবী জনায়।

Related News