NORTHEAST NOW (Assamese)

৭ লাখ ৪৯ হাজাৰ টকাত বিক্ৰী এটা মাছ; আনন্দত ‘বেহুচ’ মাছমৰীয়া

September 26, 2019 7:11 pm · এন ই নাও নিউজ
Updated: September 26, 2019 7:13 pm

সাধাৰণতে এটা মাছৰ দাম সৰ্বাধিক হাজাৰ টকা হয়। কিন্তু এজন মাছমৰীয়াই এটা মাছ বিক্ৰী কৰিলে ৭ লাখ ৪৯ হাজাৰ টকাত। যাৰ বাবে মাছমৰীয়াজন আনন্দত মতলীয়া হৈ পৰিছে।

উল্লেখযোগ্য যে সদায় যোৱাৰ দৰে ২৫ ছেপ্তেম্বৰটো মাছমৰীয়াজনে মাছ মাৰিবলৈ গৈছিল। আৰু তেওঁ এটা বিশেষ প্ৰজাতিৰ মাছ ধৰিবলৈ সক্ষম হয়।

এই বিশেষ প্ৰজাতিৰ মাছটোক ‘ড্ৰ’ন সাগৰ’ বুলি চিনাক্ত কৰা হৈছে। বহু দীৰ্ঘ সময়ৰ পিছত এই বিশেষ প্ৰজাতিৰ মাছটো দেখিবলৈ পোৱা গৈছে।

মাছমৰীয়া জনে ধৰিবলৈ সক্ষম হোৱা এই বিশেষ প্ৰজাতিৰ মাছটোৰ ওজন ১০৭ কিলোগ্ৰাম। আৰু এই বিশেষ প্ৰজাতিৰ মাছটো চেন্নাইৰ এটা দৰৱৰ কোম্পানীয়ে প্ৰতি কিলোগ্ৰাম ৭০০০ টকাকে মুঠ ৭ লাখ ৪৯ হাজাৰ টকাত ক্ৰয় কৰি নিয়ে।

জানিব পৰা মতে এই বিশেষ প্ৰজাতিৰ মাছটোৰ পৰা বিভিন্ন ধৰণৰ ঔষধ তৈয়াৰ কৰা হয়।

Related News