মহানগৰীত সক্ৰিয় দুৰ্ধৰ্ষ ডকাইতৰ দলক গ্ৰেপ্তাৰ বশিষ্ঠ আৰক্ষীৰ; আৰক্ষীলৈ চুৰি নিক্ষেপ

Beltola Docait

বশিষ্টত গ্ৰেপ্তাৰ কৰা দুৰ্ধৰ্ষ ডকাইতৰ দলটো।

মহানগৰীৰ বশিষ্ট অঞ্চলৰ লগতে ৰাতি যান-বাহনত ডকাইতি কৰি দীৰ্ঘদিন ধৰি সন্ত্ৰাস চলাই অহা দুৰ্ধৰ্ষ ডকাইতৰ এটা দলক আজি কৰায়ত্ত কৰিবলৈ সক্ষম হয় মহানগৰ আৰক্ষী।

পুৱতি নিশা মহানগৰ আৰক্ষীৰ সহকাৰী আৰক্ষী আয়ুক্ত নন্দিনী কাকতীৰ নেতৃত্বত চলা অভিযানত বশিষ্ঠৰ চাৰিআলিৰ সমীপৰ পৰা কৰায়ত্ত কৰিবলৈ সক্ষম হয় ৭ জনীয়া ডকাইতৰ দলটোক।

ধৃত লোক কেইজন ক্ৰমে অভিষেক দে, বলোৰাম ব্ৰহ্ম, সঞ্জয় সিং, জোন আলী, অজিত ৰাভা, নানতা ধৰ আৰু ৰাহল চৌধুৰী। বৰ্তমান বশিষ্ট থানাত ধৃত ডকাইতকেইজনক জেৰা চলাই থকা হৈছে।

লোককেইজনৰ পৰা আৰক্ষীয়ে নগদ ধন, সোণৰ অলংকাৰ, ১১৫টা ম’বাইল ফ’ন, তিনিখন স্কুটি, টিভি আৰু ডকাইতিত ব্যৱহৃত ভালেমান অস্ত্ৰ জব্দ কৰে।

ইপিনে, এই অভিযানত আহত হয় বৰুণ টায়ে নামৰ আৰক্ষীৰ জোৱানজন। আৰক্ষীৰ জোৱানজনক এজন ডকাইতে চুৰিৰে হাতত আঘাত কৰে।

উল্লেখ্য যে, বিশেষ সূত্ৰৰ পৰা পোৱা খবৰ অনুসৰি দলটোৱে বশিষ্ঠ চাৰিআলিৰ সমীপৰ এটা স্থানত গোট খোৱাৰ সময়তে বশিষ্ঠ আৰক্ষীয়ে এই অভিযানটো চলায়।

এই অভিযান সন্দৰ্ভত আৰক্ষীৰ সহকাৰী আয়ুক্ত নন্দিনী কাকতীয়ে কয়, “এই দলটোৱে বহু দিনৰ পৰাই ৰাষ্ট্ৰীয় ঘাইপথত ডকাইতি কাৰ্য চলাই থকাৰ খবৰ পাই আছিলো। তেওঁলোকে নিশা ট্ৰাক বা আন আন বাহন ৰখাই চুৰি, ডেগাৰ আদি দেখুৱাই টকাৰ লগতে আন সা-সামগ্ৰী কাঢ়ি লৈ যায়। ৰাতি অকলশৰীয়াকৈ মানুহ পালে বা ট্ৰাকৰ কৰ্মচাৰীসকল ৰাতি হোটেলত ভাত খাবলৈ সোমালে তেওঁলোকে আহি ডকাইতি কৰে। ইয়াৰ উপৰি এই অঞ্চলৰ মানুহৰ ঘৰতো ডকাইতি সংঘটিত কৰাৰ আমি খবৰ পাই আছিলো।”

আৰক্ষী বিষয়াগৰাকীয়ে জানিবলৈ দিয়ামতে দলটো প্ৰায়ে বশিষ্ঠৰ এক নিৰ্দিষ্ট অঞ্চলত নিশা গোট খায়। ডকাইতৰ দলটোক কৰায়ত্ত কৰিবলৈ কিছুদিন ধৰি তেওঁ পৰিকল্পনা কৰি আছিল বুলিও জানিবলৈ দিয়ে।