NORTHEAST NOW (Assamese)

শুৱালকুছিৰ ঐতিহাসিক সিদ্ধেশ্বৰ দেৱালয়ত নিশা চোৰৰ লুটপাত

November 24, 2018 11:37 am · মৃদুল প্ৰীতম ডেকা

উগ্ৰতাৰা মন্দিৰৰ পাছত এইবাৰ বস্ত্ৰনগৰী শুৱালকুছিৰ ঐতিহাসিক সিদ্ধেশ্বৰ দেৱালয়ত নিশা চোৰৰ লুটপাত চলাৰ বাতৰি পোৱা গৈছে। ২৩ নৱেম্বৰৰ নিশা নিশা চোৰে লুটি লৈ গ’ল ঐতিহাসিক দেৱালয়খনৰ দুটাকৈ প্ৰাচীন কালৰ মূৰ্তি।

প্ৰাচীন কালৰ কেইবিধ ধাতুৰে নিৰ্মাণ কৰা ৰজাদিনীয়া এটা দুৰ্গাৰ মূৰ্তি আৰু এটা কৃষ্ণৰ মূৰ্তি থাপনাৰ পৰাই লৈ গল গভাইত চোৰে।

প্ৰণিধানযোগ্য যে শুৱালকুছিৰ ঐতিহাসিক সিদ্ধেশ্বৰ দেৱালয়ত এইটোৱেই চুৰিৰ প্ৰথম ঘটনা নহয়- তৃতীয় বাৰৰ বাবে সিদ্ধেশ্বৰ দেৱালয়ত চুৰি কাণ্ড সংঘটিত হৈছে। ধন সোণ নহয় এইবাৰ চোৰৰ লক্ষ্য হ’ল প্ৰাচীন কালৰ মূৰ্তি। উগ্ৰতৰা দেৱালয়ৰ চুৰি কাণ্ডৰ  চাঞ্চল্য মাৰ নৌযাওঁতে বস্ত্ৰনগৰীৰ ঐতিহাসিক সিদ্ধেশ্বৰ দেৱালয়ত চোৰে অভিযান চলায়। শুৱালকুছি আৰক্ষীৰ এটা দল ঘটনাস্থলীত  উপস্থিত হৈ এটা বিভাগীয় তদন্ত আৰম্ভ কৰিছে।

Related News