শুক্ৰ গ্ৰহত প্ৰাণীৰ অস্তিত্ব! বিজ্ঞানী মহলত চাঞ্চল্য

2020_09_15_104248_1600136926._large

শুক্ৰ গ্ৰহৰ ছবি। ফটো সৌজন্য: নাছা

পৃথিৱীৰ ওচৰত থকা গ্ৰহটো হৈছে ভেনাছ বা শুক্ৰ গ্ৰহ। বিজ্ঞানীসকলে এই শুক্ৰ গ্ৰহতে প্ৰাণীৰ অস্তিত্বৰ ইংগিত লাভ কৰিছে।

অৱশ্যে, প্ৰাণীৰ অস্তিত্বৰ প্ৰমান যদিও তেনেকৈ প্ৰত্যক্ষভাৱে পোৱা নাই, বিজ্ঞানীসকলে গ্ৰহটোৰ বায়ুমণ্ডলত এনে এক উপাদানৰ সন্ধান লাভ কৰিছে যিয়ে তেনে এক ইংগিতেই দাঙি ধৰিছে।

বিজ্ঞানীসকলে লাভ কৰা সেই উপাদানটো হৈছে ফচফিন।

প্ৰকৃতিত ইয়াৰ প্ৰধান উৎস হ’ল বেক্টেৰিয়া বা মাইক্ৰেৱবৰ দৰে মাইক্ৰঅৰ্গেনিজম বা অণুজীৱ।

এইটো পৃথিৱীৰ অন্যতম বিষাক্ত গেছ, যাৰ গন্ধ পচা মাছৰ দৰে।

শুক্ৰ গ্ৰহৰ বায়ুমণ্ডলত যি পৰিমানৰ ফচফিন চিনাক্ত হৈছে তাৰ পৰা বিজ্ঞানীসকলে অনুমান কৰিছে যে গ্ৰহটোত জীৱৰ অস্তিত্ব আছে।

তেওঁলোকে ইয়াক ‘বায়’ছিগনেশ্বাৰ’ অৰ্থাৎ জীৱনৰ চিহ্ন বুলি কৈছে। আন গ্ৰহত প্ৰাণীৰ সন্ধানৰ ক্ষেত্ৰত বিজ্ঞানীসকলে গুৰুত্ব দিয়া বিষয়সমূহৰ ভিতৰত এই ফচফিন হৈছে অন্যতম।

বিজ্ঞানীসকলৰ ধাৰণা সত্য প্ৰমানিত হ’লে মহাকাশত এলিয়েনৰ সন্ধান পোৱা যাৱ পাৰে।

শুক্ৰ গ্ৰহৰ পৃষ্ঠভাগ উষ্ম তথা অম্লীয় য’ত এচিডৰ আধিক্য বেছি। ফলত পৃষ্ঠভাগত জীৱৰ বিকাশ হোৱাৰ আশা ক্ষীণ।

কিন্তু পৃষ্ঠভাগৰ পৰা প্ৰায় ৩৫ কিলোমিটাৰ ওপৰত মেঘৰ মাজত কিছু অনুকুল পৰিৱেশ আছে। ইয়াতেই বিজ্ঞানীসকলে ফচফিনৰ সন্ধান পাইছে।

ফচফিন গেছৰ সন্ধান পোৱাৰ পাছতে বিজ্ঞানীসকলে কোনো প্ৰাণৰ অস্তিত্বৰ অনুমান কৰিছে।

কাৰ্ডিফ য়ুনিভাৰ্ছিটিৰ জেন গ্ৰিভছৰ নেতৃত্বৰ এটা আন্তৰ্জাতিক গৱেষকৰ দলে সোমবাৰে নেচাৰ এষ্ট্ৰন’মিত এই সম্পৰ্কীয় এটা প্ৰৱন্ধত এনে তথ্য প্ৰকাশ কৰিছে।