NORTHEAST NOW (Assamese)

১৭ বছৰে সন্ধানহীন নাগ্ৰীজুলিৰ মতিগাঁৱৰ এগৰাকী যুৱতী

September 24, 2019 8:08 am · দীপক কুমাৰ পাঠক

বাক্সা জিলাৰ তামুলপুৰ আৰক্ষী থানাৰ অন্তৰ্গত নাগ্ৰীজুলি আৰক্ষী চকীৰ অধীনৰ মতিগাঁৱৰ এগৰাকী যুৱতী বিগত ১৭ বছৰ ধৰি সন্ধানহীন হৈ আছে।

সন্ধানহীন হৈ থকা যুৱতী গৰাকীক মতিগাঁৱৰ অৱসৰপ্ৰাপ্ত শিক্ষক তেজবাহাদুৰ ছেত্ৰী আৰু সবিতা দেৱীৰ জীয়ৰী তথা ৰঙিয়া মানবেন্দ্ৰ শৰ্মা ছোৱালী মহাবিদ্যালয়ৰ স্নাতক দ্বিতীয় বৰ্ষৰ ছাত্ৰী স্বপ্না দেৱী বুলি চিনাক্ত কৰা হৈছে।

পৰিয়ালৰ লোকে জানিবলৈ দিয়া মতে ২০০২ চনৰ ১২ নৱেম্বৰত স্বপ্নাই নিজৰ ঘৰৰ পৰা ৰঙিয়াত থকা ভাৰা ঘৰলৈ বুলি ওলাই আহে আৰু দুদিন পিচত পুনৰ ঘৰলৈ ঘূৰি আহিম বুলি মাকক কয়।

কিন্তু দুদিন পিছত স্বপ্না ঘৰলৈ ঘূৰি নহাত পিতৃ তেজবাহাদুৰে ৰঙিয়াত থকা ভাৰা ঘৰত নিজ কন্যা গৰাকীক বিচাৰি যায় যদিও ভাৰাঘৰৰ মালিকে স্বপ্নাক ভাৰা ঘৰলৈ অহা নাই বুলি পিতৃ তেজবাহাদুৰক জানিবলৈ দিয়ে।

এই কথা জানিব পাৰি পৰিয়ালৰ লোকসকল চিন্তিত হৈ পৰে। প্ৰথম অৱস্থাত পৰিয়ালৰ লোকে বন্ধু-বান্ধৱী, আত্মীয় স্বজনৰ লগতে বিভিন্ন ঠাইত স্বপ্নাক বিচাৰিছিল যদিও কোনো ধৰণৰ সন্ধান লাভ কৰিবলৈ সক্ষম নহ’ল।

পিচত পৰিয়ালৰ লোকে স্বপ্না নিৰুদ্দিষ্ট হোৱা বুলি নাগ্ৰীজুলি আৰক্ষী চকীত এজাহাৰ দাখিল কৰে। ফলত আৰক্ষীয়ে বিচাৰ-খোচাৰ কৰে যদিও যুৱতী গৰাকীৰ কনো ধৰণৰ সন্ধান লাভ কৰিবলৈ সক্ষম নহ’ল।

বিগত ১৭ বছৰে নিজ কন্যা ঘৰলৈ ঘূৰি আহিব বুলি আশাৰে বাট চাই ৰোৱা বৃদ্ধ পিতৃ-মাতৃ সম্প্ৰতি অসুস্থ হৈ পৰিছে।

মৃত্যুৰ আগমুহূৰ্তত নিজ কন্যাৰ মুখ এবাৰলৈ হ’লেও চোৱাৰ হাবিয়াস পুহি ৰখা বৃদ্ধ পিতৃ-মাতৃৰ কাতৰ আবেদন কোনো লোকে যদি যুৱতী গৰাকীৰ কিবা সন্ধান লাভ কৰে তেন্তে ৭৩৯৯২৫১৭১১ নম্বৰত যোগাযোগ কৰিবলৈ।

লগতে তামুলপুৰ আৰক্ষী থানাত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে। উল্লেখযোগ্য যে ১৯৯৫ চনত টেবিতোলাৰ বাপুজী হাইস্কুলৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ পিছত তামুলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰাও উচ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হৈছিল।

পিছত ৰঙিয়াৰ মানবেন্দ্ৰ শৰ্মা ছোৱালী মহাবিদ্যালয়ত নাম ভৰ্তি কৰি ৰঙিয়াত ভাৰঘৰত থাকি মহাবিদ্যালয়লৈ অহা-যোৱা কৰিছিল যুৱতী গৰকী।

Related News