DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, June 7, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

১৭ বছৰে সন্ধানহীন নাগ্ৰীজুলিৰ মতিগাঁৱৰ এগৰাকী যুৱতী

দীপক কুমাৰ পাঠক by দীপক কুমাৰ পাঠক
September 24, 2019 8:08 am
1.8k
VIEWS
Share on FacebookShare on Twitter

বাক্সা জিলাৰ তামুলপুৰ আৰক্ষী থানাৰ অন্তৰ্গত নাগ্ৰীজুলি আৰক্ষী চকীৰ অধীনৰ মতিগাঁৱৰ এগৰাকী যুৱতী বিগত ১৭ বছৰ ধৰি সন্ধানহীন হৈ আছে।

সন্ধানহীন হৈ থকা যুৱতী গৰাকীক মতিগাঁৱৰ অৱসৰপ্ৰাপ্ত শিক্ষক তেজবাহাদুৰ ছেত্ৰী আৰু সবিতা দেৱীৰ জীয়ৰী তথা ৰঙিয়া মানবেন্দ্ৰ শৰ্মা ছোৱালী মহাবিদ্যালয়ৰ স্নাতক দ্বিতীয় বৰ্ষৰ ছাত্ৰী স্বপ্না দেৱী বুলি চিনাক্ত কৰা হৈছে।

পৰিয়ালৰ লোকে জানিবলৈ দিয়া মতে ২০০২ চনৰ ১২ নৱেম্বৰত স্বপ্নাই নিজৰ ঘৰৰ পৰা ৰঙিয়াত থকা ভাৰা ঘৰলৈ বুলি ওলাই আহে আৰু দুদিন পিচত পুনৰ ঘৰলৈ ঘূৰি আহিম বুলি মাকক কয়।

কিন্তু দুদিন পিছত স্বপ্না ঘৰলৈ ঘূৰি নহাত পিতৃ তেজবাহাদুৰে ৰঙিয়াত থকা ভাৰা ঘৰত নিজ কন্যা গৰাকীক বিচাৰি যায় যদিও ভাৰাঘৰৰ মালিকে স্বপ্নাক ভাৰা ঘৰলৈ অহা নাই বুলি পিতৃ তেজবাহাদুৰক জানিবলৈ দিয়ে।

এই কথা জানিব পাৰি পৰিয়ালৰ লোকসকল চিন্তিত হৈ পৰে। প্ৰথম অৱস্থাত পৰিয়ালৰ লোকে বন্ধু-বান্ধৱী, আত্মীয় স্বজনৰ লগতে বিভিন্ন ঠাইত স্বপ্নাক বিচাৰিছিল যদিও কোনো ধৰণৰ সন্ধান লাভ কৰিবলৈ সক্ষম নহ’ল।

পিচত পৰিয়ালৰ লোকে স্বপ্না নিৰুদ্দিষ্ট হোৱা বুলি নাগ্ৰীজুলি আৰক্ষী চকীত এজাহাৰ দাখিল কৰে। ফলত আৰক্ষীয়ে বিচাৰ-খোচাৰ কৰে যদিও যুৱতী গৰাকীৰ কনো ধৰণৰ সন্ধান লাভ কৰিবলৈ সক্ষম নহ’ল।

বিগত ১৭ বছৰে নিজ কন্যা ঘৰলৈ ঘূৰি আহিব বুলি আশাৰে বাট চাই ৰোৱা বৃদ্ধ পিতৃ-মাতৃ সম্প্ৰতি অসুস্থ হৈ পৰিছে।

মৃত্যুৰ আগমুহূৰ্তত নিজ কন্যাৰ মুখ এবাৰলৈ হ’লেও চোৱাৰ হাবিয়াস পুহি ৰখা বৃদ্ধ পিতৃ-মাতৃৰ কাতৰ আবেদন কোনো লোকে যদি যুৱতী গৰাকীৰ কিবা সন্ধান লাভ কৰে তেন্তে ৭৩৯৯২৫১৭১১ নম্বৰত যোগাযোগ কৰিবলৈ।

লগতে তামুলপুৰ আৰক্ষী থানাত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে। উল্লেখযোগ্য যে ১৯৯৫ চনত টেবিতোলাৰ বাপুজী হাইস্কুলৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ পিছত তামুলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰাও উচ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হৈছিল।

পিছত ৰঙিয়াৰ মানবেন্দ্ৰ শৰ্মা ছোৱালী মহাবিদ্যালয়ত নাম ভৰ্তি কৰি ৰঙিয়াত ভাৰঘৰত থাকি মহাবিদ্যালয়লৈ অহা-যোৱা কৰিছিল যুৱতী গৰকী।

Recent News

নাই পানী যোগান : হাতে হাতে বাল্টি লৈ আপৰ সদস্যই ঘেৰাও কৰিলে পৌৰ নিগমৰ কাৰ্যালয়

নাই পানী যোগান : হাতে হাতে বাল্টি লৈ আপৰ সদস্যই ঘেৰাও কৰিলে পৌৰ নিগমৰ কাৰ্যালয়

কেৱল মোদীৰ ইমেজ আৰু হিন্দুত্বই নহয় যথেষ্ট! নিৰ্বাচনৰ পূৰ্বে বিজেপিক সকিয়নী আৰএছএছৰ

কেৱল মোদীৰ ইমেজ আৰু হিন্দুত্বই নহয় যথেষ্ট! নিৰ্বাচনৰ পূৰ্বে বিজেপিক সকিয়নী আৰএছএছৰ

স্ত্ৰী শিক্ষাৰ বিৰোধী! স্কুলীয়া ছাত্ৰীক বিহ দি হত্যাৰ চেষ্টা! অসুস্থ ৮০ গৰাকী ছাত্ৰী

স্ত্ৰী শিক্ষাৰ বিৰোধী! স্কুলীয়া ছাত্ৰীক বিহ দি হত্যাৰ চেষ্টা! অসুস্থ ৮০ গৰাকী ছাত্ৰী

জঘন্য : মৰিয়নীত চলন্ত ৰে’লৰ পৰা দলিয়াই দিয়া হ’ল ৭ বছৰীয়া শিশুক!

জঘন্য : মৰিয়নীত চলন্ত ৰে’লৰ পৰা দলিয়াই দিয়া হ’ল ৭ বছৰীয়া শিশুক!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd