বিজ্ঞান আৰু প্ৰযুক্তিৰ সমন্বয় সাধন: প্ৰত্যাশা আৰু বাস্তৱ

national-science-day-665x348

আজি ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস। পদাৰ্থ বিজ্ঞানত নোবেল বঁটা বিজয়ী  প্ৰসিদ্ধ  ভাৰতীয় বিজ্ঞানী ছাৰ চি.ভি.ৰমণে ১৯২৮চনৰ ২৮ ফেব্ৰুৱাৰীত  আৱিস্কাৰ কৰা ‘ৰমন প্ৰভাৱ’ক স্মৰণ কৰি ১৯৮৭চনৰ পৰা দেশে প্ৰতিবছৰে এই দিনটোত ৰাষ্ট্ৰীয় বিজ্ঞান দিৱসপালন কৰি আহিছে। প্ৰতিবছৰে বিজ্ঞান দিৱস উপলক্ষে এক নিৰ্দিষ্ট মূল বিষয়ক কেন্দ্ৰ কৰি বিজ্ঞান তথা বিজ্ঞান সম্পৰ্কিত বিষয়সমূহৰ চৰ্চা-আলোচনা কৰা হয়।

এই বছৰৰ ৰাষ্ট্ৰীয় বিজ্ঞান দিৱসৰ মূল বিষয় হ’ল –‘বহনক্ষম ভৱিষ্যতৰ বাবে বিজ্ঞান আৰু প্ৰযুক্তিৰ সমন্বিত প্ৰচেষ্টা’। দিৱসৰ মূল বিষয়টি উন্মোচন কৰি দেশৰ বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰালয়ৰ ৰাজ্যমন্ত্ৰী (স্বতন্ত্ৰ) ডজিতেন্দ্ৰ সিঙে তেওঁৰ বক্তব্যত বহনক্ষম ভৱিষ্যতৰ বাবে দেশৰ সমূহ বৈজ্ঞানিক বিভাগে সমূহীয়া প্ৰচেষ্টাৰে সমস্যাৰ সমাধানত নতুন দিশৰ সন্ধান কৰাত গুৰুত্ব আৰোপ কৰে।

‘বহনক্ষম উন্নয়ন’ নিসন্দেহে সাম্প্ৰতিক সময়ৰ সৰ্বালোচিত এক ‘শব্দযুগল’। কেৱল অৰ্থনৈতিক মুনাফা আদায়কাৰী, পৰিৱেশ বিছিন্ন উন্নয়ন প্ৰক্ৰিয়াৰ অন্তঃসাৰশুন্যতা আৰু অস্থায়িত্বৰ কথা অনুধাৱন কৰাৰ পৰাই ৰাষ্ট্ৰসংঘৰ নেতৃত্বত বিশ্ব পৰিৱেশ আৰু উন্নয়ন আয়োগৰ তত্বাৱধানত ‘আমাৰ উমৈহতীয়া ভৱিষ্যত’ শীৰ্ষক প্ৰতিবেদনত এই ধাৰণাৰ সূত্ৰপাত ঘটোৱা হয়।

অতি শেহতীয়াকৈ বিশ্বৰ সৰ্বত্ৰ কঁপাই যোৱা কোভিড-১৯মহামাৰী, জলবায়ু পৰিৱৰ্তনৰ ব্যাপক সমস্যাৰাজি, ক্ষুধা আদিৰ সমস্যাই এই ধাৰণাৰ প্ৰয়োজনীয়তাক আৰু অধিক প্ৰাসংগিক কৰি তুলিছে। তাৰেই পৰিপ্ৰেক্ষিততে বহনক্ষম ভৱিষ্যত আৰু বহনক্ষম উন্নয়ন প্ৰক্ৰিয়াৰ দৰে ধাৰণাবোৰে একেবাৰে ক্ষুদ্ৰ পৰিসৰৰ কাৰ্য্যকলাপৰ পৰা ৰাষ্ট্ৰীয় নীতি নিৰ্ধাৰণ আদিৰ দৰে বিশাল প্ৰক্ৰিয়াতো স্থান লাভ কৰিবলৈ লৈছে। তাৰেই প্ৰতিফলন ঘটিছে এইবছৰৰ ৰাষ্ট্ৰীয় বিজ্ঞান দিৱসৰ মূল বিষয়টিতো।

উন্নয়ন কোনোদিনেই একমাত্ৰিক বা একক প্ৰক্ৰিয়া হ’ব নোৱাৰে। সমাজৰ সকলো দিশ সামৰি ল’ব পাৰিলেহে উন্নয়ন সফল আৰু স্থায়ী হ’ব পাৰে। ঠিক সেইদৰে, বৈজ্ঞানিক উন্নতি আৰু  প্ৰযুক্তিৰ অগ্ৰগতিৰ সমান্তৰালকৈ সমগ্ৰ বিশ্বতে বৈজ্ঞানিক চিন্তা চৰ্চাৰ  সমন্বয় সাধনৰ দিশটোৱেও গুৰুত্ব লাভ কৰি আহিছে। আজিৰ তাৰিখত কোনো বৈজ্ঞানিক চিন্তা চৰ্চা বা বিষয় একক হৈ থাকিব নোৱাৰে। বিভিন্ন বিষয়, বিভিন্ন ক্ষেত্ৰৰ সংহত প্ৰয়োগেহে বৈজ্ঞানিক চৰ্চাৰ সফলতা নিশ্চিত কৰিব পাৰে।

উদাহৰণস্বৰূপে, জলবায়ু পৰিৱৰ্তন আজিৰ তাৰিখত কেৱল পৰিৱেশ বিজ্ঞানীৰ গৱেষণাৰ বিষয়হৈ ৰোৱা নাই। কৃষি, বতৰবিজ্ঞান, পদাৰ্থবিজ্ঞান, জীৱবিজ্ঞান, জলবিজ্ঞান আদি নানা বৈজ্ঞানিক ক্ষেত্ৰৰ উপৰিও জলবায়ু পৰিৱৰ্তনৰ চৰ্চাত স্থান পাইছে সামাজিক  সমতা, অৰ্থনীতি, লৈংগিকসমতা, স্বাস্থ্যজনিত সমস্যা, পৰম্পৰাগত জ্ঞান, সংস্কৃতি আদিৰ দৰে আপাততঃ কলা (arts) সম্পৰ্কিত বিষয়ে। আৰু সেয়েই জলবায়ু পৰিৱৰ্তনৰ নীতি নিৰ্ধাৰণ প্ৰক্ৰিয়াত এই সকলো দিশ সামৰি নল’লে ইমান জটিল বিষয় এটাৰ সন্মুখীন হ’ব পৰাটো অসম্ভৱ। একেটা কথাই প্ৰযোজ্য হয় বহনক্ষম উন্নয়ন বা ভৱিষ্যত আদিৰ প্ৰসংগতো।

ভাৰতৰ দৰে বিশাল আয়তনৰ  দেশত, য’ত দেশৰ প্ৰতিটো অংশই আনতকৈ পৃথকতাত নীতি নিৰ্ধাৰণ, পৰিকল্পনা ৰূপায়ণ, গৱেষণা  আদি সকলো ক্ষেত্ৰতে সমন্বয় সাধনৰ প্ৰয়োজনীয়তা আটাইতকৈ বেছি। উদাহৰণস্বৰূপে দেশৰ প্ৰায় ৬০শতাংশ জনসংখ্যা নিয়োজিতহৈ থকা কৃষিৰ দৰে ক্ষেত্ৰখনৰ সমস্যাসমূহ সমাধান কৰি প্ৰকৃতাৰ্থত উন্নয়ন কৰিবলৈ হ’লে কেৱল উৎপাদন বৃদ্ধিৰ সতে জড়িত ব্যৱস্থা হাতত ল’লেই নহ’ব। ইয়াৰ বাবে লাগিব বৈজ্ঞানিক পদ্ধতিৰে কেঁচামাল যোগান ব্যৱস্থা, জলসিঞ্চন, অপকাৰীজীৱ-ৰোগ ব্যাধি নিয়ন্ত্ৰণৰ ব্যৱস্থাৰ উপৰিও উৎপাদন পৰৱৰ্তী প্ৰক্ৰিয়া যেনে সংসাধন, বিপণন, পৰিবহন আদিতো বৈজ্ঞানিক ব্যৱস্থাৰ প্ৰয়োগ। লগতে লাগিব জলবায়ু পৰিৱৰ্তন আদিয়ে আনিব পৰা আকস্মিক দূৰ্য্যোগৰ নিয়ন্ত্ৰণৰ বাবে সঠিক আৰ্থিক, কাৰিকৰী আৰু পাৰম্পৰিক পদ্ধতি প্ৰয়োগৰ তাৎক্ষণিক নীতি। এই সকলো দিশৰ সমন্বয়েহে কৃষিক্ষেত্ৰক সৱল কৰি বহনক্ষম ভৱিষ্যতমুখী কৰি তুলিব।

পিচে,বাস্তৱ ক্ষেত্ৰৰ ছৱিখন অনেক বিপৰীত। যদিওবা দেশৰ বহনক্ষম ভৱিষ্যতৰ স্বাৰ্থত বিজ্ঞান আৰু প্ৰযুক্তিৰ সমন্বিতকৰণৰ কথা কৈ অহা হৈছে, ৰূপায়নৰ ক্ষেত্ৰত কথাবোৰে প্ৰত্যাশা পূৰণ কৰিব পৰা নাই। বিজ্ঞান আৰু প্ৰযুক্তিৰ সমন্বয়ৰ প্ৰথম চৰ্তটোৱেই হ’ল বৈজ্ঞানিক গৱেষণাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰা। ২০২১চনত ৰাজ্যসভাত দিয়া এক তথ্য অনুসৰি ২০১৪-১৫ৰ পৰা ২০১৮-১৯ৰ  সময়ছোৱাত দেশত গৱেষণাজনিত  খণ্ডত ব্যয় মুঠ ঘৰুৱা উৎপাদনৰ মাত্ৰ ০.৭শতাংশ।

শেহতীয়াকৈ দেশৰ বৈজ্ঞানিক গৱেষণা প্ৰতিষ্ঠানসমূহতো ব্যয় হ্ৰাসৰ বিভিন্ন খবৰ সময়ে সময়ে আলোচনালৈ আহিছে। এতিয়া কথা হ’ল গৱেষণাই যদি নহয়, বিজ্ঞান প্ৰযুক্তিৰ সমন্বয় সাধন হ’ব কেনেকৈ? অন্যহাতে, আজিৰ তাৰিখতো একেটা খণ্ডতে প্ৰয়োজন হোৱা নানা বিভাগৰ মাজৰ প্ৰকৃত সমন্বয় ৰঙা ফিটাৰ মেৰপেছতে আৱদ্ধ হৈ থকাটো এক কটু সত্য।

ভাৰতৰ বিজ্ঞান প্ৰযুক্তিৰ ক্ষেত্ৰখনত আন এক চৰম তীৰ্যক দিশ হ’ল বিজ্ঞানৰ নামত অপবৈজ্ঞানিক ক্ৰিয়া-কলাপৰ আনুষ্ঠানিক চৰ্চা। চৰকাৰীভাৱে যেতিয়া অবৈজ্ঞানিক কাৰ্য্যৱলীক পৃষ্ঠপোষকতা কৰা হয় তেতিয়াই দেশত বিজ্ঞান আৰু প্ৰযুক্তিৰ সমন্বয় এক প্ৰহসনলৈ পৰিণত হয়।পূজা-অৰ্চনাৰে নদীক পৱিত্ৰ কৰাৰ কাৰ্য্যসূচী চৰকাৰীভাৱে হাতত লোৱা দেশত নদীতন্ত্ৰৰ পাৰিৱেশিক প্ৰদূষণৰ সমস্যাৰ সমাধান কি দৰে বৈজ্ঞানিক হ’ব, সেই প্ৰশ্ন আজি আমি সকলোৱে কৰা উচিত।

দেশৰ প্ৰধানজনেই যদি জলবায়ু পৰিৱৰ্তন বয়স আৰু স্থানৰ বাবেহে অনুভৱ হয় বুলি ছাত্ৰ-ছাত্ৰীৰ সতে আলোচনাত উল্লেখ কৰে, তেনে এখন দেশত জলবায়ু পৰিৱৰ্তনৰ সমস্যাই বৈজ্ঞানিক মান্যতা  পাবনে? ভূমি-পূজন, যজ্ঞ, অগ্নি-পূজন, নদী পূজন আদি নানান নামেৰে দেশৰ চৰকাৰী ব্যৱস্থাত অবিজ্ঞানৰহে যে সমন্বয় সাধন হৈছে, সেয়া সামান্য চিন্তা কৰিলেই চকুতপৰে।

এনে পৰিপ্ৰেক্ষিততে ৰাষ্ট্ৰীয় বিজ্ঞান দিৱসৰ দৰে কাৰ্য্যসূচীত কেৱল আলোচনা-বিলোচনা, অনুষ্ঠান উদযাপনৰ সমান্তৰালকৈ এই দিশবোৰলৈকে চকু দিয়া দৰকাৰ।বিজ্ঞান আৰু প্ৰযুক্তিৰ সমন্বয় সাধনৰ প্ৰথম চৰ্তটোৱেই হ’ল  বিজ্ঞানক আত্মস্থকৰণ। মানসিকতাৰ বৈজ্ঞানিক উন্নয়ন। কম্পিউটাৰৰ শেহতীয়া প্ৰযুক্তি প্ৰয়োগ কৰিলেও জ্যোতিষ চৰ্চা বিজ্ঞান হৈ নাযায়। সি অপবিজ্ঞানেই।

একেদৰে দেশৰ অৰণ্যানিৰ সাংখ্যিক পৰিমাণ বঢ়োৱাৰ স্বাৰ্থত চাহ-বাগানকে ধৰি সকলো উদ্যান কৃষি এলেকাক অৰণ্যৰ আওঁতালৈ আনি লোৱাটো কেনে বিজ্ঞান সেয়া আমিচালি-জাৰি চাবলৈ শিকিব লাগিব। এই  সত্যবোৰ যিমান সোনকালেই অনুধাৱন কৰিব পৰা যাব, সিমানেই দেশৰ ভৱিষ্যত সুৰক্ষিত হ’ব। সাৰ্থক হ’ব বহনক্ষম উন্নয়ন বা বহনক্ষম ভৱিষ্যতৰ প্ৰত্যাশা। ৰাষ্ট্ৰীয় বিজ্ঞান দিৱসে সেই প্ৰত্যাশাক উজ্জীৱিত কৰাৰ বাট কাটিলেহে ই প্ৰকৃততে চি ভি ৰমণৰ প্ৰতি শ্ৰদ্ধা নিবেদন হ’ব।

(লেখিকা এগৰাকী পাৰিৱেশিক পৰামৰ্শদাতা তথা বিজ্ঞান সংযোগকাৰী। লেখিকাৰ ইমেইল- goswami.manoshi@gmail.com)