NORTHEAST NOW (Assamese)

১১ দিনৰ অন্তত মুকলি আকাশত উৰিল দুস্প্ৰাপ্য হাড়গিলা

July 29, 2020 2:34 pm · কাজি জেইদুল ইছলাম
প্ৰতিনিধিত্বমূলক চিত্ৰ

প্ৰায়  ১১ দিনৰ চিকিৎসাৰ পিছত মুকলি আকাশত উৰিল এটা দুস্প্ৰাপ্য হাড়গিলা l আকাশলংঘী ওখ গছৰ টিঙৰ পৰা পৰি দুস্প্ৰাপ্য হাড়গিলাটো আঘাতপ্ৰাপ্ত হৈছিল।

মৃত্যুৰ ক্ষণ গনা হাড়গিলাটো পুনৰ জীৱন ওভটাই পালে একাংশ প্ৰকৃতি প্ৰেমি জীৱ শ্ৰেষ্ঠ মানুহৰ নিৰন্তৰ প্ৰচেষ্টাৰ বাবেই l

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বিশ্বনাথ বন্যপ্ৰাণী সংমণ্ডলৰ বন সংমণ্ডল প্ৰাধিকাৰী মুকুট দাস আৰু বিশ্বনাথ বন্যপ্ৰাণী বন সংমণ্ডলৰ আধীনৰ চেন্ট্ৰেল ৰেঞ্জৰ ৰেঞ্জাৰ ইকবাল হুইছেন আৰু বহু কেইজন বিষয়াৰ প্ৰচেষ্টাত হাড়গিলাটোৱে চিকিৎসাৰ পিছত মুকলি আকাশত উৰিবলৈ সক্ষম হ’ল।

হাড়গিলাটোক সুস্থ কৰাৰ ক্ষেত্ৰত বিশ্বনাথ চাৰিআলিৰ বন বিভাগৰ প্ৰকৃতি আৱিস্কাৰ কেন্দ্ৰ তথা চিকিৎসালয়ত WWF ৰ পক্ষী চিকিৎসক ডাঃ পৰিক্ষীত কাকতি আৰু পাঞ্জাবৰ পৰা স্বেস্বাসেৱী সংগঠন টাৰটেল চাৰভাইভেল এলায়েন্সৰ দ্বাৰা নিয়োজিত চিকিৎসক ডাঃ ৰাঘবেন্দ্ৰ শৰ্মাৰ নিৰলস প্ৰচেষ্টা চলায়।

ঘাঁহিগাঁৱৰ গমিৰিৰ পৰা মুমুৰ্ষ অৱস্থাত উদ্ধাৰ হোৱা হাড়গিলাটোৱে অৱশেষত ১১ দিনৰ চিকিৎসাৰ অন্তত কাজিৰঙা ষষ্ঠ সংযোজনাৰ অধীনৰ লাহৰিজানৰ জলাশয়ত মঙলবাৰে এৰি দিয়া হয়।

Related News