NORTHEAST NOW (Assamese)

ভাল খবৰ; আজিৰ পৰা গুৱাহাটীত হ্ৰাস পাইছে ছাগলী মাংসৰ দাম

June 12, 2020 12:47 pm · দীপজ্যোতি শৰ্মা
Updated: June 12, 2020 4:14 pm
প্ৰতিনিধিত্বমূলক চিত্ৰ

মহানগৰ বাসীৰ বাবে আছে এটা ভাল খবৰ। আজিৰ পৰা গুৱাহাটীত কিছু পৰিমানে ছাগলী মাংসৰ দাম হ্ৰাস পাইছে।

১১ জুন অৰ্থাৎ বৃহস্পতিবাৰে এই কথা জনাইছে গ্ৰে’টাৰ গুৱাহাটী কুৰেশ্বি মীট এচ’ছিয়েশ্যনে।

গুৱাহাটী পৌৰ নিগমৰ সৈতে আলোচনাৰ অন্তত মহানগৰবাসী উপকৃত হোৱাৰ প্ৰতি লক্ষ্য ৰাখি এচ’ছিয়েশ্যনটোৱে এই সিদ্ধান্ত লয়৷

উল্লেখ্য যে, প্ৰতি কেজি ছাগলী মাংস ৭০০ টকা মূল্যত ক্ৰয় কৰি আছি গুৱাহাটী বাসীয়ে। কিন্তু আজিৰে পৰা প্ৰতি কেজি ছাগলী মাংসৰ দাম ৫০ টকাকৈ হ্ৰাস পাই হ’ব ৬৫০ টকা।

এচ’ছিয়েশ্যনৰ সভাপতি মুছলিম আলিয়ে GMCলৈ লিখা পত্ৰখনত উল্লেখ কৰে যে মহামাৰী ক’ৰ’নাৰ বাবে সাধাৰণ লোকসকল সংকটৰ সন্মুখীন হেৱা হেতুকে আমি এই সিদ্ধান্ত লৈছো।

তদুপৰি পৰৱৰ্তী সময়ত যদি ছাগলী মাংসৰ দাম পুনৰ হ্ৰাস বা বদ্ধি কৰিবলগীয়া হয় তেন্তে এচ’ছিয়েশ্যনে জাননীৰ জৰিয়তে প্ৰকাশ কৰিব বুলি জনায়।

উল্লেখযোগ্য যে  ক’ৰ’না ভাইৰাছ প্ৰতিৰোধৰ বাবে সমগ্ৰ দেশজুৰি লকডাউন ঘোষণা হোৱাৰ পিছতে গুৱাহাটীতঅস্বাভাৱিক হাৰত বৃদ্ধি পাইছিল ছাগলী মাংসৰ দাম।

Related News