NORTHEAST NOW (Assamese)

ডবকাত ঘৃণনীয় কাণ্ড! টকাৰ লালসাত স্বামীয়ে পত্নীৰ সৈতে নিৰ্মাণ কৰে পৰ্ণগ্ৰাফীক ভিডিঅ’, গ্ৰেপ্তাৰ অভিযুক্ত…

April 13, 2025 8:32 am · এন ই নাও নিউজ, গুৱাহাটী

ছাত্ৰৰ নিকৃষ্ট কাণ্ড। পত্নীৰ সৈতে নির্মাণ কৰিলে অশালীন ভিডিঅ। আইনৰ ছাত্ৰ হৈয়ো আইনলৈ ভয় নকৰা ডবকাৰ এজন ছাত্ৰ। ধনৰ লালসাত নিজ পত্নীক অশালীন ভিডিঅ নিৰ্মাণ কৰিবলৈ ব্যৱহাৰ কৰিলে। পত্নীৰ ভিডিঅ বনাই ঘটিছিল লাখ লাখ টকা। অভিযুক্ত ছাত্ৰজনৰ নাম আছিকুল ৰহমান।

আছিকুলৰ ঘৰ ডবকাৰ ৰৌৱাৰ পাৰত। আছিকুলে পত্নীৰ সৈতে কেইবাটাও অশালীন ভিডিঅ নিৰ্মাণ কৰি আপলোড কৰিছিল সামাজিক মাধ্যমত। স্বামী-স্ত্ৰীৰ এনে নিকৃষ্ট কাণ্ড পোহৰলৈ অহাৰ পাছতে লজ্জিত হৈ পৰিছে অঞ্চলবাসী। আছিকুল ৰহমান আৰু পত্নীৰ গ্ৰেপ্তাৰৰ দাবীত মোৰাঝাৰ আৰক্ষীক অৱগত কৰে একাংশ স্থানীয় লোকে।

স্থানীয় লোকৰ এজাহাৰৰ পাছতে বৃহস্পতিবাৰে নিশা মোৰাঝাৰ আৰক্ষীয়ে ৰৌৱাৰ পাৰৰ ঘৰৰ পৰা আটক কৰে আছিকুলক৷ ইফালে আছিকুলক আটক কৰাৰ পাছতে পত্নীয়ে আনিছে ভয়ংকৰ অভিযোগ। নিচাজাতীয় টেবলেট খুৱাই ভিডিঅসমূহ নিৰ্মাণ কৰি আছিকুলে সামাজিক মাধ্যমত ভাইৰেল কৰাৰ দাবী কৰিছে পত্নীয়ে। ভিডিঅ বনাবলৈ অমান্তি হলেই আছিকুলে হত্যাৰ ভাবুকি দিয়াৰো গুৰুতৰ অভিযোগ উত্থাপিত কৰিছে।

পৰৱৰ্তী সময়ত পত্নীৰ এজাহাৰৰ ভিত্তিত মোৰাঝাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে আইনৰ ছাত্ৰ আছিকুল ৰহমানক। অভিযুক্ত আছিকুলৰ ঘৰৰ পৰা আৰক্ষীয়ে জব্দ কৰিছে ১ লাখ ২৫ হাজাৰ টকা। সহজ ধনৰ লালসাত এজন আইনৰ ছাত্ৰৰ এনে কাণ্ডই এতিয়া অঞ্চলজুৰি সৃষ্টি কৰিছে তীব্ৰ প্ৰতিক্ৰিয়া।

Related News