NORTHEAST NOW (Assamese)

‘বোপাইহঁত তহঁতি মোক কিবা এটা কৰি দে’ : টীয়কত ৭০ উৰ্দ্ধৰ এক বৃদ্ধাৰ কৰুণ বিননি

May 19, 2020 2:14 pm · নীৰ্মলেন্দু পাঠক
Updated: May 19, 2020 2:19 pm

“বোপাইহঁত তহঁতি মোক কিবা এটা কৰি দে৷” ছ’চিয়েল মিডিয়াত প্ৰায় ৭০ উৰ্দ্ধৰ যোৰহাট জিলাৰ টীয়কৰ এগৰাকী বৃদ্ধাৰ  কাতৰ আহ্বানে জোঁকাৰি গৈছিল প্ৰতিজন হৃদয়ৱান লোকক৷

টীয়কৰ কাৱৈমাৰি কলবাৰীৰ দুৰ্ভগীয়া কলি পেহীৰ জীৱনতনো এসময়ত সকলো আছিল।

কিন্তু সকলো থাকিও আজি  সকলো হেৰুৱাই ৰাইজলৈ কাতৰ মিনতি “মোক কিবা এটা কৰি দিয়ক।”

সৰু ভগা জুপুৰীটোৰ ভগা বেৰৰ জলঙাইদি অহা বাৰিষাৰ বিজুলীৰ পোহৰে নিতৌ উজাগৰী নিশা কটোৱাইছিল পেহীয়ে৷

সেই আইতাৰ মুখত আজি খিলখিলয়া হাঁহি আকৌ যেন খেপিয়াই পাইছে এৰি অহা দিনৰ সুখ৷

এই দুৰ্ভগীয়া কলি পেহীৰ আহ্বানে যেন হৃদয় কঁপাইছিল বহুজনক। সেয়ে হয়তো সহায়ৰ বাবে আগবাঢ়ি আহিল বহুজন।

টীয়ক আঞ্চলিক চুতীয়া ছাত্ৰ সন্থা আৰু  বীৰ লাচিত সেনাৰ সদস্যসকলে গৈ আজি মেৰামতী কৰে আইতাৰ ঘৰটো।

সেই সুখতে আজি আইতাই হাঁহি হাঁহি কান্দি গ’ল আৰু কৈ গ’ল এয়া মোৰ সুখৰ চকুপানী৷

এই দুই সংগঠনৰ মহানুভাৱতাই যেনেকৈ সমাজত এক ইতিবাচক দিশ দিছে ঠিক একে সময়তে সহজে চকুত নপৰা এনে দুৰ্ভগীয়া সকলৰ নামতো একাংশই অনাময় আঁচনিৰ টকা কেইটা আত্মসাৎ কৰাৰ যি মানসিকতাৰ ছবি আজি পোহৰলৈ আহিছে সেই কাৰ্যই উদঙাইছে এচামৰ তৰল মানসিকতা।

সমাজত এনে একাংশই ভুলুন্ঠিত কৰিছে মানবতা৷

লকডাউনৰ মাজতে মানৱীয় প্ৰমূল্যবোধৰ এই দুই বিপৰীত ছবি এতিয়া টীয়কত চৰ্চাৰ বিষয় হৈ পৰিছে।

Related News