আজি বঙাইগাঁও জিলাৰ কোকিলা প্ৰেছ ক্লাবত সদৌ অসম সংখ্যালঘু ছাত্ৰ য়ুনিয়নৰ সভাপতি ৰেজাউল কৰিম সৰকাৰে এক সংবাদমেল আয়োজন কৰি ঈদৰ বাবে বজাৰত ভিৰ কৰা লোকৰ বাবে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে।
যোৱা কিছুদিন ধৰি কিছুমান সংখ্যালঘু অধ্যুষিত অঞ্চলত চৰকাৰী নীতি-নিৰ্দেশনাক উলংঘা কৰি ঈদৰ বাবে বজাৰত ভিৰ কৰা পৰিলক্ষিত হৈছে। আৰু ইয়াৰ বাবে চিন্তিত হৈ পৰিছে সচেতন মহল।
এই প্ৰসংগত সৰকাৰে কয়, ‘আমি জীয়াই থাকিলে বহু ঈদৰ আনন্দ কৰিব পাৰিম। আমি যেনেদৰে ৰঙালী বিহু ঘৰতে পালন কৰিছো ঠিক সেইদৰে ঈদৰ নামাজো ঘৰতে পালন কৰিব লাগিব। তেতিয়াহে আমি মহামাৰী ক’ৰ’না ভাইৰাছৰ বিৰুদ্ধে যুঁজত জয়ী হব পাৰিম’।
সৰকাৰে লগতে সংখ্যালঘু অঞ্চলত ঈদৰ বাবে বজাৰলৈ আহি ভিৰ কৰা সকলৰ বিৰুদ্ধে আৰক্ষী প্ৰশাসনক কঠোৰ হ’বলৈ আহ্বান জনায়।
আমছুৰ সভাপতি ৰেজাউল কৰিম সৰকাৰে সংবাদমেলত আন এক গুৰুতৰ অভিযোগ উত্থাপন কৰে বিজেপিৰ বৰমূৰীয়া সকলৰ বিৰুদ্ধে।
প্ৰধান মন্ত্ৰী কৃষক সন্মান নিধিৰ আঁচনিত বৃহৎ দুৰ্নীতি সংঘটিত হোৱাৰ তথ্য পোহৰলৈ অহাৰ পিছত ইয়াৰ লগত বিজেপিৰ বৰমূৰীয়া সকল জড়িত থকাৰ অভিযোগ উত্থাপন কৰে।
বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাসৰ গৃহ সমষ্টিৰ বিভিন্ন গাঁৱত প্ৰধান মন্ত্ৰী কৃষক সন্মান নিধিৰ আঁচনিত দুৰ্নীতি হোৱা বুলি তথ্য উলিয়াই ইয়াৰ লগত বিজেপিৰ বৰমূৰীয়া জড়িত থকাৰ অভিযোগ কৰে।
প্ৰধান মন্ত্ৰী কৃষক সন্মান নিধিৰ আঁচনিত দুৰ্নীতি সংঘটিত হোৱা বুলি ইতিমধ্যে মুখ্য মন্ত্ৰীয়ে তদন্তৰ ঘোষণা কৰিছে যদিওঁ সেয়া সম্পূৰ্ণ ভেকোঁভাওনা বুলি উল্লেখ কৰে আমছুৰ সভাপতিজনে।ছিন