NORTHEAST NOW (Assamese)

কাজিৰঙাত গঁড়ৰ আক্ৰমণত গুৰুতৰভাৱে আহত গৃহৰক্ষী বাহিনীৰ জোৱান

August 27, 2022 1:48 pm · ৰিদীপ শৰ্মা, কলিয়াবৰ

কাজিৰঙা ৰাষ্ট্ৰীয় উদ‍্যানৰ বন‍্যপ্ৰাণী সুৰক্ষাৰত এগৰাকী গৃহৰক্ষী বাহিনীৰ জোৱান গঁড়ৰ আক্ৰমণত গুৰুতৰভাৱে আহত হৈছে ।

বুঢ়াপাহাৰ বনাঞ্চলৰ অন্তৰ্গত টুনিকাটি বন শিবিৰত কৰ্মৰত জোৱান জনৰ নাম সুচেন্দ্ৰ বৰা।

পুৱা কৰ্তব্য পালন কৰি বন শিবিৰলৈ আহি থকাৰ সময়তে পোৱালীৰ সৈতে থকা এজনী গঁড়ৰ মুখামুখি হোৱাৰ পাছতেই গঁড়জনীয়ে আহি বৰাক আক্ৰমণ কৰে।

জোৱানজনক গঁড়টোৱে খুন্দিয়াই পেলাই দিয়ে। আহত জোৱানজনক বৰ্তমান জখলাবন্ধা চিকিৎসালয়ত ভৰ্তি কৰি চিকিৎসা প্ৰদান কৰা হৈছে।

Related News