অসম আৰক্ষী আৰু প্ৰতিশ্ৰুতি কেঞ্চাৰ এণ্ড পেলিয়েটিভ ট্ৰাষ্টৰ স্বেচ্ছাসেৱকৰ যৌথ সন্মিলন সম্পন্ন

index.jpg

নৱেম্বৰৰ অসম আৰক্ষী আৰু “প্ৰতিশ্ৰুতি কেঞ্চাৰ এণ্ড পেলিয়েটিভ ট্ৰাষ্ট’-এ যুটীয়াভাৱে পৰিকল্পনা আৰু ৰূপায়ন কৰা ‘কোভিড চেণ্টিনেল প্রকল্পৰ লগত জড়িত স্কে্ছাসেৱকসকলৰ এখন সন্মিলন আজি অনুষ্ঠিত হয়।

যোৱা ৩১ অক্টোবৰত এই প্রকল্পৰ সফলতাৰে পৰিসমাপ্তি ঘটে আৰু এই উপলক্ষে আয়োজিত সন্মিলনখনত মুখ্য অতিথি হিচাপে অংশগ্রহণ কৰি আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই গুৱাহাটী মহানগৰত ৰূপায়ন কৰা ‘প্রকল্পটোৰ সম্পৰ্কত বিস্তৃতভাবে ব্যাখ্যা দাঙি ধৰি ইয়াৰ লগত জড়িত আৰক্ষীৰ বিভিন্ন বৰ্গৰ লোক আৰু স্বেচ্ছাসেৱকসকলে নিষ্ঠাসহকাৰে আগবঢ়োৱা সেৱাৰ বাবে তেওঁলোকৰ প্রতি ধন্যবাদ আৰু কতজ্ঞতা জ্ঞাপন কৰে।

তেওঁ কয় যে যোৱা ২৫ মে’ৰ পৰা কামৰূপ মহানগৰ জিলাত আৰম্ভ হোৱা অসম আৰক্ষীৰ ‘কোভিড চেণ্টিনেল’ নামৰ ‘জিঅ’ ফেলিং এপৰ দ্বাৰা হোমকোৱাৰেণ্টাইনত থকা ব্যক্তিসকলক ঘৰতে থকাটো নিশ্চিত কৰা হয়। কোনো ব্যক্তিয়ে এই নিয়ম উলংঘা কৰি ঘৰৰ বাহিৰ হ’লে অসম আৰক্ষীয়ে তৎক্ষণাত ইয়াৰ খবৰ লাভ কৰে আৰু যথোচিত ব্যৱস্থা গ্ৰহণ কৰে।

আনহাতে প্রতিশ্ৰুতি কেঞ্চাৰ এণ্ড পেলিয়েটিভ ট্ৰাষ্টৰ স্বেচ্ছাসেকসকলে ফোনকলৰ জৰিয়তে কোৱাৰেণ্টাইনত থকা ব্যক্তিসকলৰ খা-খবৰ ৰখাৰ লগতে তেওঁলোকে মানি চলিবলগীয়া নিয়মসমূহৰ বিষয়ে পৰামৰ্শ আগবঢ়ায়।

তদুপৰি খাদ্য অথবা চিকিৎসা আদিৰ ক্ষেত্ৰতো এই প্রকল্পৰ জৰিয়তে কোৱাৰেণ্টাইনত থকা ব্যক্তিসকলক প্রয়োজনীয় সহায় আগবঢ়োৱাৰ কথা উল্লেখ কৰি সঞ্চালক প্ৰধান গৰাকীয়ে প্রয়োজন অনুসৰি ব্যন্তিসকলক ‘অক্সিমিটাৰো’ যোগান ধৰা বুলি অৱগত কৰে।

উল্লেখযোগ্য যে আৰক্ষী সঞ্চালকপ্ৰধান ভাঙ্কৰজ্যোতি মহন্তৰ উদ্যোগত ‘প্ৰতিশ্ৰুতি কেঞ্চাৰ এণ্ড পেলিয়েটিভ ট্ৰাষ্ট’ৰ অবৈতনিক সঞ্চালিকা তথা ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ৰ সহকাৰী অধ্যপিকা ডাঃ গায়ত্ৰী গগৈ আৰু ধেমাজী জিলাৰ আৰক্ষী অধীক্ষক ডাঃ ধনঞ্জয় ঘাপোৱাটৰ নেতত্বত ৰাজ্যৰ বিভিন্ন প্রান্তৰ তিনি শতাধিক স্বেচ্ছাসেৱকে কামৰূপ মহানগৰ জিলাৰ প্রায় ৩৭ হাজাৰ লোকক প্রত্যক্ষভাৱে নিৰীক্ষণ কৰি তেওলোকৰ প্রতিপ্রয়োজনীয় সহায় আগবঢ়ায়।

গুৱাহাটীৰ গণেশগুৰিছ্থিত ‘চান চিটি লজ’ত অনুষ্ঠিত এই সন্মিলনত মহানগৰ আৰক্ষী আয়ুক্ত মুন প্রসাদ গুপ্তা, এন এইছ এমৰ মিছন সঞ্চালক ডঃ লক্ষ্মণন, ধেমাজী জিলাৰ আৰক্ষী অধীক্ষক ডাঃ ধনঞ্জয় ঘণোৱাট, অসম আৰক্ষী পৰিৱাৰ কল্যাণ সংস্থাৰ সভানেত্ৰী স্বপনালী মহন্তক প্রমুখ্য কৰি কেবাগৰাকীও ব্যক্তিয়ে বক্তব্য আগবঢ়ায়।