NORTHEAST NOW (Assamese)

বিশ্বনাথ চাৰিআলিত প্ৰকৃতিপ্ৰেমী যুৱকৰ প্ৰচেষ্টাত এটি আঘাতপ্ৰাপ্ত কাম চৰাই উদ্ধাৰ

June 16, 2020 12:47 pm · কাজি জেইদুল ইছলাম
ফটো : নৰ্থ-ইষ্ট নাও

আজি বিশ্বনাথ নগৰৰ মাজ-মজিয়াত আঘাটপ্ৰাপ্ত অৱস্থাত এটি কাম চৰাই উদ্ধাৰ কৰা হয়।

বিশ্বনাথ চাৰিআলিৰ মাজ মজিয়াৰ মুনলাইট মাৰ্কেটৰ কেইজনমান সচেতন ব্যক্তিৰ প্ৰচেষ্টাত আঘাতপ্ৰাপ্ত অৱস্থাত থকা এই চৰাইবিধক উদ্ধাৰ কৰি বিশ্বনাথৰ বন বিভাগক খবৰ দিয়ে।

পৰৱৰ্তী সময়ত বিশ্বনাথৰ বন্যপ্ৰাণী সংমণ্ডলৰ বনকৰ্মী ঘটনাস্থলত উপস্থিত হৈ প্ৰাৰম্ভিক চিকিৎসা প্ৰদান কৰি পিছত চৰাইটিক সুৰক্ষিত স্থানত মুকলি কৰি দিয়াৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিব বুলি বন বিভাগৰ দলটোৱে জানিব দিয়ে।

উল্লেখ্য যে এই বিৰল প্ৰজাতিৰ চৰাইবিধক খুব কমেই দেখিবলৈ পোৱা যায় জনবসতি অঞ্চলত।

কৃত্ৰিম পুখুৰী তথা হ্ৰদ আদিৰ সৃষ্টি কৰাৰ ফলত এই চৰাইবিধৰ জনসংখ্যা বৃদ্ধি পাইছে যদিও ঠায়ে ঠায়ে বাসস্থান ধ্বংস, চোৰাং চিকাৰ আৰু কীটনাশক দ্ৰব্যৰ অতিমাত্ৰা ব্যৱহাৰৰ বাবে কাম চৰাইৰ জনসংখ্যা কমি অহাৰো তথ্য প্ৰদান কৰিছে বন বিভাগে।

Related News