• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

পত্ৰ বোমাত অগপত খলকনি, তথাপি অটল অতুল!

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
January 7, 2019 7:46 am
2018-09_38152ebf-3a10-4e62-91b1-8ae984edfaa7_33d7d8b4_342b_4bd2_b971_badd40cdcf5b
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিজেপি উত্থাপিত নাগৰিকত্ব বিধেয়কক লৈ সৃষ্ট ৰাজ্যজোৰা প্ৰতিবাদৰ মাজত এতিয়াও “কঠোৰ সিদ্ধান্ত” নোলোৱা অগপৰ ভিতৰচ’ৰাত বিস্ফোৰণৰ উকমুকনি তুলিছে তৃণমূল কৰ্মীৰ এখন পত্ৰই।

কিন্তু খোদ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসমৰ মাটিতে বিধেয়কখনকলৈ মুকলি সমৰ্থন আগবঢ়োৱাৰ পাছতো এতিয়াও সাক্ষাৎ আৰু পত্ৰ প্ৰেৰণৰ ৰাজনীতিত অটল আছে আঞ্চলিক দলটোৰ সভাপতি অতুল বৰা।

মিত্ৰ বিজেপিক ধাৰাবাহিকভাৱে অগপ শীৰ্ষ নেতৃত্বই দি অহা “কঠোৰ সিদ্ধান্ত”ৰ সকীয়নিৰ সলনি “সোনকালে গ্ৰহণ”ৰ বাবে মন্ত্ৰী তথা দলটোৰ সভাপতিজনলৈ পত্ৰ প্ৰেৰণ কৰিছে অগপৰ গুৱাহাটী সমিতিয়ে।

IMG-20190106-WA0100
অগপৰ তৃণমূল কর্মীৰ নেতৃত্বলৈ লিখা পত্ৰ।

“দলে বিগত দিনত গ্ৰহণ কৰা কঠোৰ সিদ্ধান্ত কাৰ্য্যকৰী কৰাত যাতে পলম নকৰে তাৰ বাবে আমি মহানগৰ সমিতিয়ে অনুৰোধ জনাইছো,” সভাপতিলৈ পত্ৰত অনুৰোধ মহানগৰ সমিতিৰ সভাপতি জিতেন ডেকা, কাৰ্য্যকৰী সভাপতি হেমেন লহকৰ আৰু সাধাৰণ সম্পাদকদ্বয় গিৰীণ তালুকদাৰ আৰু খনীন্দ্ৰ বৰাৰ।

মিত্ৰ বিজেপি নেতৃত্বাধীন চৰকাৰে বিধেয়কৰ যোগেদি অবৈধ বাংলাদেশীক সাম্প্ৰদায়িকতাৰে বিভক্ত কৰি অসমত সংস্থাপন কৰাৰ যি সিদ্ধান্ত গ্ৰহণ কৰিছে, সেই ক্ষেত্ৰত দলৰ শীৰ্ষ নেতৃত্বৰ স্থিতিৰ বিপৰীতে ‘আত্ম সন্মানত আঘাত লাগিছে’ অগপৰ তৃণমূল কৰ্মীৰ। সেয়ে কৰ্মীসকলৰ ‘আত্ম সন্মান’ ৰক্ষা কৰিবলৈ সভাপতি অতুল বৰালৈ কাতৰ অনুৰোধ জনাইছে অগপৰ তৃণমূল কৰ্মীয়ে।

এই সন্দৰ্ভত দলটোৰ গুৱাহাটী মহানগৰ সমিতিয়ে দলৰ নেতৃত্বলৈ এখন পত্ৰ প্ৰেৰণ কৰিছে। সম্প্ৰতি এই পত্ৰই খলকনি তুলিছে অগপৰ আমবাৰী কাৰ্যালয়ত।

IMG-20190106-WA0099
তৃণমূল কৰ্মীৰ অগপৰ নেতৃত্বলৈ লিখা পত্ৰ।

বিজেপিৰ সৈতে মিত্ৰতা ত্যাগৰ কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰাত নেতৃত্বক পলম নকৰিবলৈ মহানগৰ সমিতিয়ে এই পত্ৰযোগে কাতৰ অনুৰোধ জনাইছে। লগতে দলৰ বিভিন্ন নেতাৰ কৰ্মকাণ্ডই মহানগৰ সমিতিৰ নেতৃত্বৰ লগতে তৃণমূল কৰ্মীসকলৰ মনোবল হ্ৰাস কৰিছে বুলিও পত্ৰখনত উল্লেখ কৰিছে।

‘অসমৰ বৰ্তমানৰ সংকটময় পৰিস্থিতিৰ সময়ত দলে এক শক্তিশালী অৱস্থান গ্ৰহণ কৰি সমগ্ৰ জাতিটোক এক ভয়াৱহ ভৱিষ্যতৰ পৰা মুক্ত কৰাৰ নেতৃত্ব গ্ৰহণ কৰাৰ বাবে আপোচবিহীন সিদ্ধান্ত গ্ৰহণ কৰা উচিত বুলি আমি অনুভৱ কৰো’, পত্ৰখনত মহানগৰ সমিতিয়ে উল্লেখ কৰিছে।

বিজেপিৰ সৈতে মিত্ৰতাত থাকি অগপই সম মৰ্যাদা নোপোৱা, বিজেপিয়ে দম্ভ, অহংকাৰ, শালীনতা চেৰাই যোৱা পৰিলক্ষিত হোৱা বুলিও উল্লেখ আছে পত্ৰখনত।

‘এক আত্মসন্মান থকা দলীয় কৰ্মী হিচাপে আমি মহানগৰ সমিতিৰ সকলো সদস্যই মৰ্মাহত হৈছো’ বুলিও মহানগৰ সমিতিয়ে খেদ প্ৰকাশ কৰিছে।

অনিৰ্বাণ পাঠক

অনিৰ্বাণ পাঠক

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

আদানী কয়লা খনি প্ৰকল্পত বন অধিকাৰ আইন উলংঘাৰ অভিযোগ কংগ্ৰেছৰ

আদানী কয়লা খনি প্ৰকল্পত বন অধিকাৰ আইন উলংঘাৰ অভিযোগ কংগ্ৰেছৰ

September 12, 2025 2:03 pm
সামৰিক অভ্যুত্থানৰ ষড়যন্ত্ৰ! ব্ৰাজিলৰ প্ৰাক্তন ৰাষ্ট্ৰপতিক ২৭ বছৰৰ কাৰাদণ্ড

সামৰিক অভ্যুত্থানৰ ষড়যন্ত্ৰ! ব্ৰাজিলৰ প্ৰাক্তন ৰাষ্ট্ৰপতিক ২৭ বছৰৰ কাৰাদণ্ড

September 12, 2025 1:23 pm
ৰাছিয়াৰ তেল ক্ৰয়ক লৈ ভাৰত, চীনৰ ওপৰত শুল্ক বৃদ্ধি কৰিবলৈ জি-৭ক হেচাঁ আমেৰিকাৰ!

ৰাছিয়াৰ তেল ক্ৰয়ক লৈ ভাৰত, চীনৰ ওপৰত শুল্ক বৃদ্ধি কৰিবলৈ জি-৭ক হেচাঁ আমেৰিকাৰ!

September 12, 2025 1:08 pm
উচ্চতম ন্যায়ালয়ৰ ৰোষত তদন্তকাৰী সংস্থা; তদন্তকাৰীসকলৰ বিৰুদ্ধেও তদন্ত হোৱা উচিত

উচ্চতম ন্যায়ালয়ৰ ৰোষত তদন্তকাৰী সংস্থা; তদন্তকাৰীসকলৰ বিৰুদ্ধেও তদন্ত হোৱা উচিত

September 12, 2025 1:02 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আদানী কয়লা খনি প্ৰকল্পত বন অধিকাৰ আইন উলংঘাৰ অভিযোগ কংগ্ৰেছৰ

আদানী কয়লা খনি প্ৰকল্পত বন অধিকাৰ আইন উলংঘাৰ অভিযোগ কংগ্ৰেছৰ

September 12, 2025 2:03 pm
সামৰিক অভ্যুত্থানৰ ষড়যন্ত্ৰ! ব্ৰাজিলৰ প্ৰাক্তন ৰাষ্ট্ৰপতিক ২৭ বছৰৰ কাৰাদণ্ড

সামৰিক অভ্যুত্থানৰ ষড়যন্ত্ৰ! ব্ৰাজিলৰ প্ৰাক্তন ৰাষ্ট্ৰপতিক ২৭ বছৰৰ কাৰাদণ্ড

September 12, 2025 1:23 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd