ডিব্ৰুগড়ৰ মোহনবাৰী হিন্দু গাঁও প্ৰাথমিক বিদ্যালয়ত বৈদ্যুতিকীকৰণ

1f92c124-db2e-4495-a8c1-12d6c271de02

লাহোৱালস্থিত ডিব্ৰুগড়ৰ মোহনবাৰী হিন্দু গাঁও প্ৰাথমিক বিদ্যালয়ত সোমবাৰে নতুনকৈ বৈদ্যুতিকীকৰণ কৰা হৈছে। এই বিদ্যালয়খন ১৯৭২ চনত স্থাপিত হৈছিল। যত্নৰ অভাৱত বিদ্যালয়খনৰ অৱস্থা মেৰামতি কৰাৰ বাহিৰ হৈ গৈছিল। বিদ্যালয়খনত বিদ্যুতৰ অসংযোগ নাছিল।

শেহতীয়াভাৱে ‘ৰাউণ্ড টেবল ইণ্ডিয়া’ৰ অধীনস্থ ‘ডিব্ৰুগড় ৰাউণ্ড টেবল’ নামৰ বেচৰকাৰী সংস্থাটোৱে এই বিদ্যালয়খন গ্ৰহণ কৰে আৰু বিদ্যালয়খনৰ সমস্ত আন্তৰ্গাঁথনিৰ উন্নতি সাধন কৰে।

‘ৰাউণ্ড টেবল ইণ্ডিয়া’ৰ ৰাষ্ট্ৰীয় সভাপতি ধ্ৰুৱ ডালমিয়াই নতুনকৈ নিৰ্মাণ কৰা বিদ্যালয়খনৰ শুভ উদ্বোধন কৰে।

‘ৰাউণ্ড টেবল ইণ্ডিয়া’ৰ ৰাষ্ট্ৰীয় সভাপতিগৰাকীয়ে এই সন্দৰ্ভত হয়, ‘‘১৯৯৭-৯৮ৰ পৰা ‘ৰাউণ্ড টেবল ইণ্ডিয়া’ই ৬,১৮৯ টা শ্ৰেণীকোঠা আৰু ২৫৮৮খন বিদ্যালয় নিৰ্মাণ কৰিছে।  ২৪৪.৬৫ কোটি ব্যয় সাপেক্ষ এই কামেৰে সকলো সুবিধাৰ পৰা বঞ্চিত ৬.৮০ লাখ ছাত্ৰ-ছাত্ৰৰ জীৱন উপকৃত হৈছে। ডালমিয়াই কৈছে, ‘‘এই প্ৰকল্পসমূহ পিছপৰা অঞ্চলত হাতত লোৱা হয়। এই এলেকাসমূহতেই কোনো উন্নয়ন কাম হাতত লোৱা নহয়।’’ তেওঁ আৰু কৈছে যে সুবিধাৰ পৰা বঞ্চিত ছাত্ৰ-ছাত্ৰীৰ বাবে কৰা তেঁওলোকৰ কামৰ স্বীকৃতি হিচাপে যোৱা সপ্তাহত তেওঁলোকক ৰাইজিং ষ্টাৰ পাৱাৰ ব্ৰেণ্ড বঁটা প্ৰদান কৰা হৈছে।

এই বিদ্যালয়খনত ১০০ ছাত্ৰ-ছাত্ৰী আৰু ২গৰাকী শিক্ষক আছে। বহু বছৰ ধৰি এই বিদ্যালয়খন দুজন শিক্ষকেৰে চলি আহিছে।

বিদ্যালয়খনৰ উন্নয়নৰ বাবে হাতত লোৱা উদ্যোগৰ বাবে বিদ্যালয়খনৰ সহকাৰী শিক্ষক খিৰু শইকীয়াই ডিব্ৰুগড় ৰাউণ্ড টেবলৰ শলাগ লয়। শইকীয়াই কয়, ‘‘আমাৰ প্ৰাথমিক সা-সুবিধাখিনিৰ অভাৱ আছে কিন্তু আগন্তুক দিনত আমাৰ বিদ্যালয়খনে উন্নতি কৰিব বুলি আমি আশাবাদী।