ধিক নিৰ্বাচন আয়োগ; ভোটাৰ আই ডিত মানুহৰ ঠাইত আহিল কুকুৰৰ ফটো

ESTEczbX0AUXNpX_5e6091c6e360b

সংগৃহীত ফটো

পৰিচয় পত্ৰ বিশেষকৈ ভোটাৰ কাৰ্ড সমূহ শুদ্ধ হৈ থকাটো বিচাৰে যদিও বিভাগীয় অকৰ্মণ্যতাৰ বাবে বহুতৰে নাম, ফটো, বয়স আদি ভুলকৈ আহে।

ভাৰতৰ নিৰ্বাচন আয়োগৰ বাবে এয়া কোনো ডাঙৰ কথা নহয় যদিও শেহতীয়াকৈ এজন লোকৰ ভোটাৰ কাৰ্ডত নিজৰ ফটোৰ ঠাইত কুকৰৰ ফটো অহাক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

জানিব পৰা মতে সুনীল কৰ্মকাৰ নামৰ এজন লোকে নিজৰ ভোটাৰ আইডি কাৰ্ডখন শুধৰাবলৈ দিছিল। কিন্তু শুধৰণি হৈ অহা ভোটাৰ আইডি কাৰ্ডখন কৰ্মকাৰৰ হাতত পৰাতহে তেওঁ আচৰিত হৈ পৰে।

‘যোৱা কালি দুলাল স্মৃতি স্কুললৈ মতা হৈছিল আৰু তাত মোক এই ভোটাৰ আইডি কাৰ্ডখন দিছিল। লগে লগে মই ফটোখন চাইছিলো। কাৰ্ডখনত বিষয়াজনে চহী কৰিছিল যদিও ফটোখন নাচালে। তেওঁলোকে মোৰ সন্মানৰ সৈতে খেলিছে’। কৰ্মকাৰে এ এন আইক দিয়া ভাষ্য।

লোকজনে লগতে কয়, ‘মই খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়লৈ যাম আৰু ভৱিষ্যতে যাতে এনেধৰণৰ ভুল নকৰে তাৰ অনুৰোধ কৰিম’।

ইফালে এই সন্দৰ্ভত বি ডি অ’জনে কয় যে ছবিখন ইতিমধ্যে সলোৱা হৈছে আৰু কৰ্মকাৰে সংশোধিত ভোটাৰ আইডি কাৰ্ড লাভ কৰিব।

ৰাজৰ্ষি চক্ৰবৰ্তিয়ে কয়, ‘এইখন চূড়ান্ত ভোটাৰ আইডি কাৰ্ড নহয়। যদি কিবা ভুল আছে তেন্তে তাক শুধৰোৱা হ’ব। কুকুৰৰ ফোটখনৰ কথা হ’ল যে, অনলাইনযোগে প্ৰপত্ৰ পূৰণ কৰাৰ সময়ত কোনোবাই এই ধৰণৰ কাম কৰিছে। ফটোখন ইতিমধ্যে সলোৱা হৈছে’।

উল্লেখ্য যে ভাৰতৰ বিভিন্ন প্ৰান্তত ভোটাৰ আইডি কাৰ্ডত এনেধৰণৰ বিংসগতি দেখা পোৱা যায়। কৰবাত যদি নিজৰ ফটোৰ ঠাইত আন কাৰোবাৰ ফটো আহে কৰবাত আকৌ নামটোৱে হাস্যকৰ ৰূপত অহা দেখা যায়।

কিন্ত মানুহৰ ফটোৰ ঠাইত কুকুৰৰ ফটো অহা প্ৰসংগই বহুতেই বিভাগটোৰ কাম-কাজৰ ওপৰত প্ৰশ্নৰ অৱতাৰণা কৰিছে।