মৰ্মান্তিক! কৃষ্ণাইত শাহুৱেকৰ অন্ত্যেষ্টিক্ৰিয়াৰ পিছতে জোৱায়েকৰ সলিল সমাধি

Man drowned in river.png krishnai

ফটো: নৰ্থইষ্ট নাও।

গোৱালপাৰা জিলাৰ কৃষ্ণাইত ঘটিছে এক অঘটন ৷ কৃষ্ণাই নৈত গা-ধুবলৈ গৈ সলিল সমাধি এজন লোকৰ। মৃত লোক জনৰ নাম প্ৰৱীৰ সূত্ৰধৰ ৷  

জানিব পৰা মতে, গুৱাহাটীৰ লালগণেশৰ বাসিন্দা প্ৰবীৰ সূত্ৰধৰে কৃষ্ণাইস্থ আশুডুবিত থকা শাহুৱেকৰ মৃত্যুৰ বাতৰি পাই আজি কৃষ্ণাইলৈ আহে ৷

তাৰ পাছতে আজি আবেলি কৃষ্ণাইৰ শ্মশানত শাহুয়েকৰ মৃতদেহ সৎকাৰ কৰি কৃষ্ণাই নৈৰ আশুডুবি ঘাটত গা ধুবলৈ নামে প্ৰৱীৰ ৷

কিন্তু গা ধুবলৈ গৈ নৈৰ পানীত ডুবি তেওঁ সন্ধানহীন হৈ পৰে ৷ লগে লগে হুৱাদুৱা লাগে অঞ্চলটোত ৷

ঘটনাৰ খবৰ পাইয়ে কৃষ্ণাইৰ আৰক্ষী আহি উপস্থিত হয় নৈৰ পাৰত ৷ ঘটনাস্থলীত উপস্থিত হয় এচডিআৰএফ বাহিনী ৷

অৱশেষত কৃষ্ণাই নৈৰ বুকুৰ পৰা প্ৰৱীৰ সূত্ৰধৰৰ মৃতদেহ উদ্ধাৰ কৰে এছডিআৰএফ বাহিনীয়ে ৷

ইয়াৰ পিছতে আৰক্ষীয়ে মৰণোত্তৰ পৰীক্ষাৰ বাবে মৃতদেহটো গোৱালপাৰালৈ প্ৰেৰণ কৰে ৷