মৰিয়াই-ঘুঁচিয়াই ‘পাকিস্তান মূ্ৰ্দাবাদ’ ধ্বনি দিবলৈ বাধ্য কৰিলে এজন সংখ্যালঘু লোকক, ক’ত?

এজন সংখ্যালঘু লোকক মৰিয়াই-ঘুঁচিয়াই ‘হিন্দুস্তান জিন্দাবাদ’ আৰু ‘পাকিস্তান মূৰ্দাবাদ’ ধ্বনি দিবলৈ বাধ্য কৰোৱাৰ অভিযোগ উঠিছে।

ঘটনাটো সংঘটিত হৈছে  উত্তৰ পূব দিল্লীৰ খজুৰি খাচ অঞ্চলত।

বুধবাৰে আৰক্ষীয়ে জনোৱামতে, ঘটনাটোৰ মূল অভিযুক্তজন ২০২০ চনৰ উত্তৰ পূূব দিল্লীত সংঘটিত সাম্প্ৰদায়িক সংঘৰ্ষতো অভিযুক্ত হৈছিল।

মঙলবাৰে সংঘটিত হোৱা ঘটনাটোৰ ভিডিঅ’ ক্লিপছটো সামাজিক মাধ্যমত ভাইৰেল হোৱাৰ পাছতে আৰক্ষীয়ে এটা গোচৰ পঞ্জীয়ন কৰে আৰু আক্ৰমণকাৰী অভিযুক্তজনক বুধবাৰে আটক কৰে।

অভিযুক্তজনৰ নাম অজয় গোস্বামী বুলি আৰক্ষীয়ে জানিব পাৰিছে।

গোস্বামী পেচাত এজন গাখীৰ বিক্ৰেতা।

আনহাতে, ঘটনাটোৰ মুছলিম ধৰ্মাৱলম্বী ভুক্তভোগীজনো এজন অপৰাধী বুলি আৰক্ষীয়ে জানিবলৈ দিছে।

আৰক্ষীয়ে জনায় যে ভুক্তভোগীজনৰ বিৰুদ্ধে হত্যাকাণ্ড আৰু চুৰিকাণ্ডৰ অভিযোগো আছে।

আৰক্ষীয়ে তথ্য লাভ কৰা মতে, গোস্বামীয়ে ভুক্তভোগীজনক মাৰধৰ কৰি থকা অৱস্থাত দীপক নামৰ আন এজন লোকে মোবাইল ফোনেৰে ভিডিঅ’ ৰেকৰ্ড কৰি আছিল।

ৰেকৰ্ড কৰা লোকজনক এতিয়াও আৰক্ষীয়ে আটক কৰিব পৰা নাই।

ঘটনাটোৰ সম্পৰ্কত খজুৰি খাচ আৰক্ষী থানাত এটা গোচৰ পঞ্জীয়ন কৰা হৈছে।