NORTHEAST NOW (Assamese)

বেলতলাত বিধ্বংসী অগ্নিকাণ্ড; ৪ টা চিলিণ্ডাৰ বিস্ফোৰণ, ২০ টাতকৈ অধিক বাসগৃহ ভস্মীভূত

February 27, 2019 8:38 pm · কল্পজ্যোতি শইকীয়া
Updated: February 27, 2019 8:39 pm

মহানগৰীৰ বেলতলা বজাৰৰ সমীপত আজি প্ৰায় ৬.৩০ বজাত এক বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়। অগ্নিকাণ্ডটোৰ ফলত ১২ টাকৈ বাসগৃহ ভস্মীভূত হোৱাৰ লগতে কেইবালক্ষাধিক টকাৰ সা-সম্পত্তি নষ্ট হয়।

ঘটনাৰ বিৱৰণি মতে বেলতলা বজাৰৰ সমীপৰ নিৱাসী ৰামেশ্বৰ কুমাৰৰ বাসগৃহৰ পাকঘৰৰ পৰাই  প্ৰথম অৱস্থাত চিলিণ্ডাৰৰ বিস্ফোৰণ ঘটি অগ্নিকাণ্ডৰ সূত্ৰপাত ঘটে।

ইয়াৰ পিছতে এই অগ্নিকাণ্ডই ৰামেশ্বৰৰ চৌহদত থকা ১২ টাকৈ ভাড়াঘৰ আৰু ফল-মূলৰ গুদামো জুইয়ে ছানি ধৰে। ইফালে এই অগ্নিকাণ্ডৰ ফলত ৪ টাকৈ চিলিণ্ডাৰৰ বিস্ফোৰণ হয় আৰু ২০ টাতকৈ অধিক বাসগৃহ এই বিধ্বংসী অগ্নিকাণ্ডত জাহ যায়।  অৱশ্যে বাতৰি লিখা পৰলৈকে কোনো লোক হতাহত হোৱা নাই বুলি জানিব পৰা গৈছে।

আনহাতে অগ্নিকাণ্ডৰ বিষয়ে অৱগত হোৱাৰ লগে লগে ৬ খনকৈ অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী ঘটনাস্থলীত উপস্থিত হৈ প্ৰায় এক ঘণ্টাজোৰা চেষ্টাৰ অন্তত অগ্নি নিৰ্বাপন কৰিবলৈ সক্ষম হয়।

Related News