NORTHEAST NOW (Assamese)

তিনিচুকীয়াত ৰাজপুতনা ৰাইফলছৰ চিকিৎসা আৰু স্বাস্থ্য পৰীক্ষা শিবিৰ

January 31, 2019 7:21 am · অভিক চক্ৰবৰ্তী

তিনিচুকীয়াত ৯ম ৰাজপুতনা ৰাইফলছে এটা  চিকিৎসা আৰু স্বাস্থ্য পৰীক্ষা শিবিৰৰ আয়োজন কৰে। ডাও ডিভিজনৰ পৃষ্ঠপোষকতাত এই চিকিৎসা শিৱিৰটোৰ আয়োজন কৰা হৈছে। জিলাখনৰ জাগুন ৫ নং ৰাভা গাঁৱৰ লৱাৰ প্ৰাইমাৰী স্কুলত চিকিৎসা শিৱিৰটোৰ আয়োজন কৰা হয়।

ৰাভা গাঁও, দেউৰী বস্তি, সোণোৱাল বস্তি লাকলা আৰু দাঁতি কাষৰীয়া এলেকাসমূহৰ স্থানীয় বাসিন্দাৰ বাবে এই চিকিৎসা শিৱিৰটোৰ আয়োজন কৰা হয়।

এই চিকিৎসা শিৱিৰটোত সৰ্বমুঠ ৫ গৰাকী সেনা চিকিৎসক আৰু ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ৰ ৩ গৰাকী চিকিৎসকে যোগদান কৰিছিল। তেওঁলোকে স্থানীয় লোকসকলৰ স্বাস্থ্য পৰীক্ষা কৰাৰ লগতে পৰামৰ্শ আৰু ঔষধ-পাতিও যোগান ধৰিছিল।

চিকিৎসকৰ দলটোত চিকৎসা বিশেষজ্ঞ, চকু বিশেষজ্ঞ, কাণ-নাক-ডিঙি বিশেষজ্ঞ আৰু দন্ত শৈল্য চিকিৎসক সন্নিবিষ্ট আছিল।

এই বিনামূলীয়া চিকিৎসা শিৱিৰটোত মুঠ ৮২৬গৰাকী গাঁওবাসীয়ে অংশগ্ৰহণ কৰিছিল। অনগ্ৰসৰ এলেকাসমূহত বাস কৰা লোকসকলৰ জীৱন ধাৰণৰ মানদণ্ড উন্নত কৰাৰ উদ্দেশ্যে অভিযান সদ্ভাৱনাৰ অন্তৰ্গত বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰা হৈ অহা হৈছে। তাৰেই এটা অংশ হিচাপে এই চিকিৎসা শিৱিৰৰ আয়োজন কৰা হৈছে।

উল্লেখ্য যে ডাও ডিভিজনৰ অন্তৰ্গত লাইপুলি ব্ৰিগডে পানেৰি আৰু কাকপথাৰত অলপতে একোটাকৈ দক্ষতা বিকাশ কেন্দ্ৰৰ কাম আৰম্ভ কৰিছে। এই কেন্দ্ৰ দুটাক স্থানীয় জনসাধাৰণে যথেষ্ট প্ৰশংসা কৰিছে।

Related News