• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 21, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

আমগুৰি আউনীআটীয় হেমচন্দ্ৰ দেৱ উঃ মাঃ বিদ্যালয়ৰ মহাৰজত জয়ন্তী আৰম্ভ

NE NOW NEWS ৰাজীৱ দত্ত
গৌৰীসাগৰ , January 31, 2019 7:56 am

2 min read

Amguri
1.5k
VIEWS
Share on FacebookShare on Twitter

‘শিক্ষিত হলেই চৰিত্ৰৱান নহয়। চাৰিত্ৰিক শিক্ষা গ্ৰহণেহে চৰিত্ৰ গঠন কৰে। আধ্যাত্মিক আৰু নৈতিক জ্ঞানেৰে সমৃদ্ধ শিক্ষাৰ্থীসকলে সমাজৰ বিভীষিকাময় পৰিৱেশৰ অৱসান ঘটাব পাৰিব।’ এই মন্তব্য ড০ পীতাম্বৰ দেৱ গোস্বামীৰ।

বুধবাৰে শিৱসাগৰ জিলাৰ আমগুৰিৰ আগশাৰীৰ শিক্ষানুষ্ঠান আউনীআটীয় হেমচন্দ্ৰ দেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বৰ্ষজোৰা মহাৰজত জয়ন্তীৰ আৰম্ভনি সমাৰোহৰ শুভাৰম্ভ কৰি দিয়া ভাষণত আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ গৰাকীয়ে এনেদৰে কয়।

মহাৰজত জয়ন্তী উপলক্ষে বিদ্যালয়খনৰ অধ্যক্ষ অমৰজ্যোতি বৰঠাকুৰ আৰু উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি ড০ অনিল কুমাৰ গগৈয়ে শিক্ষানুষ্ঠানখনৰ পতাকা আৰু মহাৰজত জয়ন্তীৰ পতাকা উত্তোলন কৰাৰ পিছতে পীতাম্বৰ দেৱ গোস্বামীয়ে বিদ্যালয় প্ৰাঙ্গনত স্থাপন কৰিব লগীয়া হেমচন্দ্ৰ দেৱ গোস্বামীৰ আবক্ষমূৰ্তিৰ আধাৰশিলা স্থাপন কৰে।

আনহাতে অনুষ্ঠানত প্ৰশাসনিক ভৱন, পুথিভঁৰাল, খেলপথাৰ উন্নয়ন আৰু খোৱা পানী যোগান প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে ক্ৰমে শোণিত লাহন, ড০ মিনতি চুতীয়া, বিনন্দ বড়া আৰু যোগেশ কিশোৰ ফুকনে।

মহাৰজত জয়ন্তীৰ লগত সংগতি ৰাখি এখনি গ্ৰন্থমেলা আৰু প্ৰদৰ্শণীৰো দ্বাৰা মুকলি কৰা হয়। জয়ন্তী উপলক্ষে আমগুৰি নগৰৰ মাজেদি বাহিৰ কৰা সুদীৰ্ঘ সাংস্কৃতিক শোভাযাত্ৰাই সকলোৰে দৃষ্টি আকৰ্ষণ কৰে।

আনহাতে শিক্ষানুষ্ঠানখনৰ প্ৰাক্তন ছাত্ৰ চিকিৎসক ডাঃ অভেদ্য বুঢ়াগোহাঁইয়ে উদ্বোধন কৰা প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সমাৰোহত বিশিষ্ট অতিথিৰূপে উপস্থিত থাকে বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ তথা মনোৰোগ চিকিৎসক ডাঃ পংকজ লোচন শইকীয়া। আজি বিয়লি অনুষ্ঠিত হ’ব লগা মুকলি সভাত মুখ্য মন্ত্ৰীৰ প্ৰেছ উপদেষ্টা হৃষীকেশ গোস্বামী উপস্থিত থকাৰ কথা‌।

Recent News

আজিৰ পৰা গোভা দেওৰজাৰ ঐতিহাসিক জোনবিল মেলা

আজিৰ পৰা গোভা দেওৰজাৰ ঐতিহাসিক জোনবিল মেলা

ইংলেণ্ডৰ বিৰুদ্ধে ঘৰুৱা টেষ্ট শৃংখলাৰ পৰা বাহিৰ অনুভৱী অলৰাউণ্ডাৰ ৰবীন্দ্ৰ জাদেজা

ইংলেণ্ডৰ বিৰুদ্ধে ঘৰুৱা টেষ্ট শৃংখলাৰ পৰা বাহিৰ অনুভৱী অলৰাউণ্ডাৰ ৰবীন্দ্ৰ জাদেজা

পুনৰ মুম্বাই আৰক্ষীৰ সন্মুখত হাজিৰ হ’ব লাগিব অভিনেত্ৰী কংগনা ৰানাৱট

পুনৰ মুম্বাই আৰক্ষীৰ সন্মুখত হাজিৰ হ’ব লাগিব অভিনেত্ৰী কংগনা ৰানাৱট

টীয়কত গৃহ প্ৰৱেশ সমাৰোহৰ শুভাৰম্ভ কৰিলে সাংসদ তপন গগৈয়ে

টীয়কত গৃহ প্ৰৱেশ সমাৰোহৰ শুভাৰম্ভ কৰিলে সাংসদ তপন গগৈয়ে

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd