NORTHEAST NOW (Assamese)

অভয়াপুৰী উত্তৰ বিধানসভা সমষ্টিত অগপৰ বিশাল জনসভা

November 22, 2020 5:33 pm · ইয়াছিন আলী

আজি বঙাইগাঁও জিলাৰ ৩৪ নং অভয়াপুৰী উত্তৰ বিধানসভা সমষ্টিৰ কীত্তৰ্নপাৰাত অসম গণ পৰিষদ দলৰ যুৱ আৰু মহিলা পৰিষদৰ এখন সাধাৰণ সভা অনুষ্ঠিত হয়।

সভাত সৃজনগ্ৰামৰ পৰা খাদ্য আৰু অসামৰিক যোগান মন্ত্ৰী ফণীভূষন চৌধুৰীক শতাধিক মটৰ চাইকেলেৰে আগুৱাই আনে অগপ কৰ্মীয়ে।

অগপৰ কেন্দ্ৰীয় নেতা কেইগৰাকীক মটৰ চাইকেলেৰে আগুৱাই অনাৰ কাৰণ হৈছে বৰঘোলা-কাহিবাৰী পাৰঘাটত ২০১৩ চনত পকী দলংৰ কাম আৰম্ভ হয় কিন্তু সম্পূৰ্ণ হোৱাৰ পিছত দলং খনৰ পূবফালে গৰাখহনীয়া আৰম্ভ হোৱাত ৪১ কোটি টকীয়া দলংখন নদীৰ মাজভাগত পৰে।

সেয়ে মন্ত্ৰী অহাৰ বাবে এখন বাহৰ সাকোঁ নিৰ্মাণ কৰাত সাকোঁৰ ওপৰেদি মন্ত্ৰীয়ে পাৰ হৈ আহে।

নিৰ্বাচনৰ দিন যিমানেই চাপি আহিছে সিমানেই তৎপৰ হৈ পৰা পৰিলক্ষিত হৈছে দলীয় নেতা, কৰ্মী সকল।

যুৱ আৰু মহিলা পৰিষদৰ সভাত অসম চৰকাৰৰ মন্ত্ৰী কেশৱ মহন্ত, প্ৰাক্তন বিধায়ক ভূপেন ৰায় আৰু নিৰেন ৰায়কে আদি কৰি বহু অগপ কৰ্মী উপস্থিত থাকে।

Related News