NORTHEAST NOW (Assamese)

ইউনিচেফৰ উদ্যোগত বৰপেটাৰ উপায়ুক্তৰ সভাকক্ষত বাল্যবিবাহ ৰোধ বিষয়ক সভা

September 6, 2018 9:09 pm · পুলেন্দ্ৰ দাস
বৰপেটাৰ উপায়ুক্তৰ সভাকক্ষত ইউনিচেফৰ উদ্যোগত বাল্য বিবাহ ৰোধ সম্পৰ্কত বৃহস্পতিবাৰে অনুষ্ঠিত হোৱা সভা। ফটো : নৰ্থইষ্ট নাও

বাল্যবিবাহ ৰোধ কৰাৰ ক্ষেত্ৰত ইউনিচেফৰ উদ্যোগত বৰপেটাৰ উপাযুক্তৰ সভাকক্ষত আজি এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয় ৷ জিলা উপায়ুক্ত থানেশ্বৰ মালাকাৰৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত অংশগ্ৰহণ কৰি ইউনিচেফৰ প্ৰতিনিধি তাহচিন আলমে কয় যে, ভাৰতৰ বিভিন্ন প্ৰান্তত এতিয়াও বাল্য বিবাহ সংঘটিত হৈ আছে ৷ অসমতো ঠাই বিশেষে বাল্য বিবাহ সংঘটিত হৈ থকা বুলি উল্লেখ কৰে।

আইনেৰে বাল্য বিবাহ সম্পুৰ্ণ ৰূপে ৰোধ কৰিব নোৱাৰি বুলি মন্তব্য কৰি বাল্য বিবাহ সম্পুৰ্ণ ৰূপে ৰোধ কৰিবলৈ হ’লে ৰাইজ অধিক সজাগ হ’ব লাগিব বুলি ইউনিচেফৰ বিষয়া গৰাকীয়ে মন্তব্য কৰে ৷

জিলা উপায়ুক্ত থানেশ্বৰ মালাকাৰে ভাষণ প্ৰসংগত কয় যে, বাল্য বিবাহ সম্পুৰ্ণ ৰূপে ৰোধ কৰিবলৈ হ’লে মানুহৰ মাজত আৰু অধিক সজাগতা সৃষ্টি কৰিব লাগিব।

সভাখনত অংশ গ্ৰহণ কৰি আৰক্ষী অধীক্ষক ভায়োলেট বৰুৱাই কয় যে, বাল্য বিবাহৰ ক্ষেত্ৰত ৰাইজ কিছু পৰিমাণে  সজাগ হৈছে বাবেই চৰ চাপৰি অঞ্চলসমূহত এতিয়া মুক্তভাবে বাল্য বিবাহ হোৱাৰ পৰিৱৰ্তে  ঠাই বিশেষে লুকাই চুৰকৈ বাল্য বিবাহ চলি আছে ৷ বাল্য বিবাহ সন্দৰ্ভত চাইল্ড লাইন অথবা ৰাইজে যেতিয়াই তেখেতক অৱগত কৰিছে তেতিয়াই অভিযান চলাই বাল্য বিবাহ বন্ধ কৰা বুলি তেওঁ উল্লেখ কৰে ৷ ৰাইজ সম্পূৰ্ণ সজাগ হলেহে বাল্য বিবাহ সম্পূৰ্ণৰূপে ৰোধ কৰিব পৰা যাব বুলি আৰক্ষী অধীক্ষক গৰাকীয়ে কয় ৷

সভাখনত অতিৰিক্ত উপায়ুক্ত পুলক পাটগিৰি, আছু, আমছু, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ বিষয় ববীয়াৰ লগতে জিলা সমাজ কল্যাণ বিষয়া মিনেন্দ্ৰ বৰ্মন আৰু কেইবাগৰাকী বিষয়া উপস্থিত থাকে ৷

এই সভাতে বাল্য বিবাহ ৰোধ কৰাৰ বাবে স্বাক্ষৰ অভিযান আৰম্ভ কৰে ৷ এই অভিযানৰ শুভাৰম্ভ কৰে জিলা উপায়ুক্তগৰাকীয়ে ৷ সভাৰ শেষত শলাগৰ শৰাই আগবঢ়ায় বৰপেটা চাইল্ড লাইনৰ সঞ্চালক আব্দুল মালেকে ৷

Related News