NORTHEAST NOW (Assamese)

শিৱসাগৰত এছকেএচি আৰু এমএচিৰ নিৰ্বাচনৰ  ভোটগণনাৰ প্ৰক্ৰিয়া সম্পৰ্কীয় বৈঠক

January 23, 2019 7:42 pm · পাৰ্শ্বজ্যোতি গগৈ
Updated: January 23, 2019 7:45 pm

শিৱসাগৰ জিলাত অহা ২৮ জানুৱাৰী তাৰিখে পুৱা ৮ বজাৰ পৰা হ’বলগীয়া সোণোৱাল কছাৰী আৰু মিচিং স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনৰ ভোটগণনা প্ৰক্ৰিয়া সম্পৰ্কে অৱগত কৰাৰ উদ্দেশ্যে বিভিন্ন ৰাজনৈতিক দলৰ প্ৰতিনিধিৰ সৈতে আজি নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ত এখন সভা অনুষ্ঠিত হয়।

সভাত নিৰ্বাচনী বিষয়া জগদীশ ব্ৰহ্মই উপস্থিত ৰাজনৈতিক দলৰ প্ৰতিনিধি সকলক ভোটগনা প্ৰক্ৰিয়াৰ লগত জড়িত বিভিন্ন বিষয় সম্পৰ্কে বিতংভাৱে আলোচনা কৰে।

যোৱা ২১ জানুৱাৰীত অনুষ্ঠিত সোণোৱাল কছাৰী আৰু মিচিং স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনৰ ভোটগণনা অহা ২৮ জানুৱাৰী তাৰিখে পুৱা ৮ বজাৰ পৰা জিলা পৰিষদৰ কাৰ্য্যালয় প্ৰাংগনত অনুষ্ঠিত হ’ব। দুয়োখন সমষ্টি ক্ৰমে, ১৭ নং ৰজাবাৰী আৰু ৩৪ নং দিচাং-দিখৌ সমষ্টিৰ বাবে প্ৰতিটো ৰাউণ্ডত ১০ খন কৈ টেবুলত ভোটগণনা কৰা হ’ব ।

ভোটগণনা প্ৰক্ৰিয়া সুচাৰুৰূপে সম্পন্ন কৰাৰ উদ্দেশ্যে প্ৰতিখন টেবুলৰ বাবে দুগৰাকীকৈ সহায়ক আৰু এগৰাকীকৈ পৰ্যব্যক্ষক নিয়োজিত কৰা হৈছে।

Related News