• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 21, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

উঃ পূঃ কংগ্ৰেছ সমন্বয়ক সমিতিৰ উচ্চস্তৰীয় সভাত নাগৰিকত্ব বিধেয়কক প্ৰতিহত কৰাৰ প্ৰস্তাৱ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , January 23, 2019 8:32 pm

2 min read

NECCC-meeting-in-Guwahti-on-January-23-2019-750x375
668
VIEWS
Share on FacebookShare on Twitter

আজি ২৩ জানুৱাৰি বুধবাৰে উত্তৰ পূব কংগ্ৰেছ সমন্বয়ক সমিতিৰ এখন উচ্চস্তৰীয় সভা অনুষ্ঠিত হয়। এই সভাখনত বিতৰ্কিত নাগৰিকত্ব (সংশোধনী) বিধেয়কখন যাতে ৰাজ্যসভাত গৃহীত কৰাটো প্ৰতিহত কৰাৰ বাবে সৰ্বতোপ্ৰকাৰে প্ৰচেষ্টা চলোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। এই সভাত মেঘালয়ৰ প্ৰাক্তন মুখ্য মন্ত্ৰী মুকুল ছাংমাকে আদি কৰি সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰেই শীৰ্ষস্থানীয় কংগ্ৰেছী নেতাসকল উপস্থিত থাকে।

এটা বিবৃতিযোগে সমন্বয়ক সমিতিয়ে জনাইছে যে এই বিধেয়কখন ৰাজ্যসভাৰ পৰৱৰ্তী বৈঠকত গৃহীত কৰোৱাৰ বাবে শাসনাধিষ্ঠ এনডিএ চৰকাৰে যৎপৰোনাস্তি চেষ্টা কৰিব।

এনডিএ চৰকাৰে সম্প্ৰদায়ৰভিত্তিক নাগৰিকত্ব প্ৰদান কৰাৰ বাবে গ্ৰহণ কৰা এই পদক্ষেপক সমন্বয়ক সমিতিখনে কঠোৰ ভাষাৰে সমালোচনা কৰে আৰু কয় যে ইয়ে ১৯৮৫ৰ অসম চুক্তিক অৱমাননা কৰিব।

এই বিধেয়কখনে উত্তৰ পূৰ্বাঞ্চললৈ, বিশেষকৈ অসমলৈ ভয়ানক দুৰ্যোগ নমাই আনিব বুলিঘোষণআ কৰি এই বিধেয়কখন যিকোনো উপায়েৰে বাতিল কৰাৰ লাগিব বুলি উত্তৰ পূব কংগ্ৰেছ সমন্বয়ক সমিতিয়ে প্ৰকাশ কৰে।

উক্ত বৈঠকত উত্তৰ পূব কংগ্ৰেছ সমন্বয়ক সমিতিয়ে আৰু প্ৰস্তাৱ গ্ৰহণ কৰে যে নাগৰিকত্ব (সংশোধনী) বিধেয়কখন যাতে আইনত পৰিণত হ’ব নোৱাৰে তাৰ বাবে ৰাজ্যসভাৰ সকলো সদস্যৰেই সহায় বিচৰা হ’ব।

ৰাজ্যসভাৰ সাংসদ তথা অসমৰ জ্যেষ্ঠ কংগ্ৰেছ নেতা ভুৱনেশ্বৰ কলিতাই কৈছে, ‘‘নাগৰিকত্ব (সংশোধনী) বিধেয়কখন যদিওবা লোকসভাত গৃহীত হৈছে, তথাপি বিৰোধী দলৰ সংঘবদ্ধ বিৰোধৰ বাবে তাক ৰাজ্যসভাৰ সদ্যসমাপ্ত অধিৱেশনত গৃহীত কৰিব পৰা নগ’ল।’’

Recent News

বিশ্বনাথত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদকাৰীক আৰক্ষীৰ বাধা

বিশ্বনাথত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদকাৰীক আৰক্ষীৰ বাধা

নাগ্ৰীজুলিত পাঁচ শতাধিক লোকৰ বিজেপিত যোগদান

নাগ্ৰীজুলিত পাঁচ শতাধিক লোকৰ বিজেপিত যোগদান

ডেমকেয়াৰ ৰঞ্জিত! টেনশ্যন নলৈ, প্ৰত্যাহ্বান নোহোৱাকৈ ২১ ত CONG-AIUDF ক ৰুধিবলৈ সাজু

ডেমকেয়াৰ ৰঞ্জিত! টেনশ্যন নলৈ, প্ৰত্যাহ্বান নোহোৱাকৈ ২১ ত CONG-AIUDF ক ৰুধিবলৈ সাজু

স্মিথক অব্যাহতি, সঞ্জু ছেমছন ৰাজস্থান ৰোয়েলছৰ নতুন অধিনায়ক

স্মিথক অব্যাহতি, সঞ্জু ছেমছন ৰাজস্থান ৰোয়েলছৰ নতুন অধিনায়ক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd