• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, January 27, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ক’লা পতাকাক প্ৰত্যাহ্বান জনায় বিজেপিৰ কৰ্মীয়ে বগা পতাকা লৈ নামিল ৰাজপথত

Sasanka Talukdar শশাংক তালুকদাৰ
বজালী , January 23, 2019 8:24 pm

1 min read

white flage

ফটো : নৰ্থ-ইষ্ট নাও

587
VIEWS
Share on FacebookShare on Twitter

প্ৰভাৱশালী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ২২ জানুৱাৰিত পাঠশালাৰ ৰাজপথত ক’লা পতাকা প্ৰদৰ্শন কৰাৰ ঠিক এদিন পাছতেই আজি দেখা গ’ল এক ব্যতিক্ৰমী প্ৰতিবাদ। ক’লা পতাকা প্ৰদৰ্শন কৰা সকলক ধিক্কাৰ জনায় বিজেপিৰ যুৱ মৰ্চাৰ কৰ্মীসকলে হাতে হাতে বগা পতাকা লৈ চহৰখনত এক সমদল উলিয়াই তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।

প্ৰতিবাদী বিজেপি কৰ্মীসকলে ক’লা পতাকা দেখুওৱা স্থানত উপস্থিত হৈ এক অভিনৱ পন্থাও গ্ৰহণ কৰে। প্ৰতিবাদকাৰীসকলে উক্ত স্থানত ঘটৰ পানী চটিয়াই শুদ্ধিকৰণ কৰাৰ লগতে ক’লা পতাকা প্ৰদৰ্শনকাৰীসকলৰ বিৰুদ্ধে বিভিন্ন শ্লোগান দিয়া পৰিলক্ষিত হয়।

ইয়াৰ উপৰি হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপিৰ সভাপতি ৰঞ্জিত দাসৰ বিৰুদ্ধে ক’লা পতাকা প্ৰদৰ্শন কৰা সকলক এক প্ৰকাৰ যুৱ মৰ্চাৰ সদস্যসকলে প্ৰত্যাহ্বান জনায়।

উল্লেখযোগ্য যে নাগৰিকত্ব সংশোধনী বিধেয়ককলৈ ২১ জানুৱাৰিত ৰঙিয়াত ক’লা পতাকাৰ সন্মুখীন হোৱা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ২২ জানুৱাৰিতো আছু, কৃষক মুক্তি আৰু যুৱ ছাত্ৰ পৰিষদৰ কৰ্মীয়ে পাঠশালাত ক’লা পতাকা প্ৰদৰ্শন কৰিছল।

বিজেপিৰ এক দলীয় কাৰ্যসূচীত অংশ ল’বলৈ গৈ প্ৰভাৱশালী মন্ত্ৰীগৰাকীয়ে ক’লা পতাকাৰ সন্মুখীন হোৱা কাৰ্যক সহজভাৱে ল’ব নোৱাৰিয়েই আজি বিজেপিৰ কৰ্মীসকলে এইদৰে বগা পতাকা লৈ ৰাজপথলৈ ওলাই আহে।

Recent News

দেৰগাঁও সমষ্টিৰ প্ৰাক্তন কংগ্ৰেছ বিধায়িকা আৰতি হাজৰিকা কছাৰীৰ দেহাৱসান

দেৰগাঁও সমষ্টিৰ প্ৰাক্তন কংগ্ৰেছ বিধায়িকা আৰতি হাজৰিকা কছাৰীৰ দেহাৱসান

মিছন ১০০ প্লাছ; পুনৰ অসম ভ্ৰমণলৈ আহিব প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী

মিছন ১০০ প্লাছ; পুনৰ অসম ভ্ৰমণলৈ আহিব প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী

AIUDF-কে ধৰি মিত্ৰ দল সমূহক উচটনিমূলক মন্তব্য কৰাৰ পৰা বিৰত থাকিবলৈ আহ্বান কংগ্ৰেছৰ

AIUDF-কে ধৰি মিত্ৰ দল সমূহক উচটনিমূলক মন্তব্য কৰাৰ পৰা বিৰত থাকিবলৈ আহ্বান কংগ্ৰেছৰ

দিল্লীত কৃষকৰ হিংসাত্মক প্ৰতিবাদৰ পাছতে হাৰিয়ানাৰ তিনিখন জিলাত মোবাইল ইণ্টাৰনেট সেৱা কৰ্তন

দিল্লীত কৃষকৰ হিংসাত্মক প্ৰতিবাদৰ পাছতে হাৰিয়ানাৰ তিনিখন জিলাত মোবাইল ইণ্টাৰনেট সেৱা কৰ্তন

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd