ডিচেম্বৰৰ ভিতৰত এগৰাকী নতুন সভাপতিয়ে দায়িত্ব ল’ব বিজেপিৰ : অমিত শ্বাহ

amit-shah-1140x570

বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহ। ফাইল ফটো

বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহে সোমবাৰে কয় যে চলিত বছৰৰ শেহৰ পিনে সাংগঠনিক নিৰ্বাচন অনুষ্ঠিত হৈ যোৱাৰ পাছতে এগৰাকী নতুন নেতাক দলটোৰ মুৰব্বী হিচাপে তেওঁ বাট এৰি দিব।

বৰ্তমান কেন্দ্ৰীয় গৃহ মন্ত্ৰীৰো দায়িত্বত থকা শ্বাহে কয় যে ডিচেম্বৰৰ ভিতৰতে দলৰ এগৰাকী নতুন সভাপতিয়ে দায়িত্বভাৰ গ্ৰহণ কৰাৰ সম্ভাৱনা আছে।

ৰাষ্ট্ৰীয় সভাপতি শ্বাহে ‘ইণ্ডিয়া টুডে’ৰ আগত তেওঁ আঁৰত থাকি ‘ছুপাৰ পাৱাৰ’ হিচাপে দলটো পৰিচালনা কৰাৰ প্ৰচাৰ নস্যাৎ কৰি কয় যে ২০১৪ চনত তেওঁ বিজেপিৰ মুৰব্বী হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰাৰ সময়তো একেধৰণৰ দাবী কৰা হৈছিল।

তেওঁ কয় যে এবাৰ তেওঁৰ স্থানত নতুন ব্যক্তিগৰাকী আহি সংগঠন চলোৱাৰ পাছতে এই সকলোবোৰ ধাৰণা আঁতৰি যাব।

দলটো ইয়াৰ সংবিধান অনুসৰি চলিব বুলি উল্লেখ কৰি তেওঁ কয়,’’এইটো (বিজেপি) কংগ্ৰেছ দল নহয় আৰু কোনোৱে ইয়াক আঁতৰত থাকি চলাব নোৱাৰে।‘’

বিজেপি মহলত চলা চৰ্চা অনুসৰি দলটোৰ কাৰ্যকৰী সভাপতি জে পি নাড্ডাই শ্বাহৰ স্থানত অভিষিক্ত হ’ব।

বিজেপিয়ে সাধাৰণতে ‘এক ব্যক্তি এক পদ’ নীতি অনুসৰণ কৰাৰ বাবে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে  তেওঁৰ চৰকাৰত এগৰাকী কেবিনেট মন্ত্ৰী হিচাপে অন্তৰ্ভুক্ত কৰাত শ্বাহে এগৰাকী নতুন নেতাক সভাপতিৰ পদ এৰি দিব বুলি অনুমান কৰা হৈছিল।

বিষয়টো সন্দৰ্ভত প্ৰথমবাৰৰ বাবে মন্তব্য কৰি অমিত শ্বাহে কয়,’’ নিৰ্বাচন (সাংগঠনিক) চলি আছে। ডিচেম্বৰৰ ভিতৰত এগৰাকী নতুন সভাপতিয়ে দায়িত্বভাৰ গ্ৰহণ কৰিব আৰু দলৰ কামকাজৰ দায়িত্ব চম্ভালি ল’ব।‘’