শিৱসাগৰৰ অসামৰিক চিকিৎসালয়ৰ শৌচাগাৰত শিশু উদ্ধাৰ

baby_thrown

প্ৰতিনিধিত্বমূলক ফটো।

শিৱসাগৰ অসামৰিক চিকিৎসালয়ৰ শৌচাগাৰত এটি সদ্যোজাত কেঁচুৱা উদ্ধাৰ হোৱা ঘটনাই চিকিৎসালয়খনত চাঞ্চল্যৰ সৃষ্টি কৰিছে।

চিকিৎসালয় কৰ্তৃপক্ষই জনোৱা মতে, ৩০ অক্টোবৰৰ সন্ধিয়া ৬ মান বজাত কৰ্তব্যৰত চাফাই কৰ্মীয়ে শৌচাগাৰটোত এটি কেঁচুৱাই কান্দি থকা শুনে আৰু অনুসন্ধান কৰি এটা বেগত ভৰাই থোৱা অৱস্থাত সদ্যোজাত শিশুটি দেখা পায়।

লগে লগে চিকিৎসালয় কৰ্তৃপক্ষক অৱগত কৰাত কৰ্তৃপক্ষই শিশুটিক উদ্ধাৰ কৰি চিকিৎসা প্ৰদান কৰে। জানিব পৰামতে, কন্যা শিশুটি বৰ্তমান চিকিৎসালয়খনত চিকিৎসাধীন অৱস্থাত আছে।

কোনে সদ্যোজাত শিশুটিক তাত এৰি গ’ল বা শিশুটিৰ পিতৃ-মাতৃৰ পৰিচয় সন্দৰ্ভত চিকিৎসালয় কৰ্তৃপই এই পৰ্য্যন্ত একো শুংসূত্ৰ উলিয়াব পৰা নাই।

স্থানীয় ৰাইজৰ সন্দেহ অবৈধ মাতৃত্বৰ বোজাৰ বাবে এনেদৰে শিশুটিক কোনোবাই পেলাই থৈ গৈছে। চিকিৎসকৰ ভাষ্য অনুসৰি প্ৰায় ১৫ বা ২০ দিনৰ পূৰ্বে শিশুটিৰ জন্ম হৈছিল।