ত্ৰিপুৰাত খিলঞ্জীয়াৰ বাবে খিলঞ্জীয়াক লৈ নতুন ৰাজনৈতিক দল!

Pradyot Kishore

ৰাহুল গান্ধীৰ সৈতে সদ্য কংগ্ৰেছত্যাগী প্ৰদ্যোত কিশোৰ। ফাইল ফটো?

ত্ৰিপুৰাত খিলঞ্জীয়াৰ বাবে খিলঞ্জীয়াৰে গঠিত এটা নতুন ৰাজনৈতিক দলে অচিৰেই আত্মপ্ৰকাশ কৰিব।

হয়তো নৱেম্বৰৰ প্ৰথম সপ্তাহতে এই দলটোক আনুষ্ঠানিক ৰূপত দেখা পোৱা যাব আৰু মহাৰাজা প্ৰদ্যোত কিশোৰ দলটোৰ মুৰব্বী হ’ব, সূত্ৰটোৰ দাবী।

ৰঞ্জিত দেববাৰ্মা নামৰ মহাৰাজা প্ৰদ্যোত কিশোৰৰ ঘনিষ্ঠ আৰু প্ৰাক্তন বিদ্ৰোহী এজনে বাতৰিটো নিশ্চিত কৰি কয় যে দলটো ঘাইকৈ কংগ্ৰেছ আৰু আই পি এফ টি (Indigenous Peoples front of Tripura) ৰ পৰা আঁতৰি অহাসকলৰ দ্বাৰা গঠন কৰা হ’ব।

“বৰ্তমান বাহিৰত থকা মহাৰাজা প্ৰদ্যোত কিশোৰ এই সপ্তাহতে ৰাজ্যলৈ ঘূৰি আহিব আৰু তাৰ পিছতে দলটো গঠনৰ প্ৰক্ৰিয়া আৰম্ভ হ’ব”, ৰঞ্জিত দেববাৰ্মাই কয়।

তেওঁৰ দাবী, কংগ্ৰেছ, আই পি এফ টি আৰু চি পি এমৰ বহুকেইজন নেতাই দলটোত যোগদান কৰিব। কিছু সংখ্যক বিজেপিৰ জনজাতীয় নেতাও সংস্পৰ্শত থকাৰ কথা জনালে ৰঞ্জিত দেববাৰ্মাই।

কিছুদিনৰ আগলৈকে ত্ৰিপুৰা কংগ্ৰেছৰ সভাপতি পদত থকা ত্ৰিপুৰাৰ ৰাজবংশৰ প্ৰতিনিধি প্ৰদ্যোত কিশোৰে যোৱা মাহত পদত্যাগ আৰু দলত্যাগ কৰিছিল।

কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক আৰু ত্ৰিপুৰাৰ পৰ্য্যৱেক্ষক লুই জিনহো ফালেইৰোৰ সৈতে মতপাৰ্থক্য সৃষ্টি হোৱা বাবে নেতাজনে দলটো এৰিছিল। তেওঁ অসমৰ দৰে ত্ৰিপুৰাতো এন আৰ চি উন্নীতকৰণ দাবী কৰাৰ লগতে কেবৰ বিৰোধিতা কৰে।

ত্ৰিপুৰাৰ খিলঞ্জীয়া লোকৰ ওপৰত প্ৰদ্যোত কিশোৰৰ যথেষ্ট শক্তিশালী প্ৰভাৱ আছে।

ইপিনে জানিব পৰামতে, বিজেপিয়ে এই নতুন ৰাজনৈতিক অগ্ৰগতিত বেছ সুখী হৈছে।

দলটোৰ আশা, খিলঞ্জীয়াক লৈ নতুন দল গঠন হ’লে কংগ্ৰেছ আৰু বাওঁ দল দুটাই খিলঞ্জীয়া লোকৰ মাজত নিজৰ খোপনি হেৰুৱাব। তাৰ বিপৰীতে বিশেষকৈ হিন্দু বাঙালীৰ মাজত জনপ্ৰিয় বিজেপিৰ স্থিতি অটুট থাকিব।