• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, May 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

পৃথিৱীৰ পৰা নোহোৱা হৈ যাব পুৰুষ প্ৰজাতি! ভয়ংকৰভাৱে হ্ৰাস পাইছে Y ক্ৰম’জম

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 29, 2024 8:56 am
2.3k
VIEWS
Share on FacebookShare on Twitter

পুৰুষ জাতিটো পৃথিৱীৰ পৰা নাইকিয়া হৈ যাব পাৰে! ‘প্ৰচিডিংছ অৱ দ্য নেচনেল একাডেমী অৱ চাইন্সেছ’ৰ এক প্ৰতিবেদনত এই কথা কোৱা হৈছে। তেওঁলোকৰ মতে, এক নতুন অধ্যয়নত এই বিলুপ্তিৰ আভাস পোৱা গৈছে। পুৰুষৰ ওপৰত হোৱা কিছুমান দুৰ্যোগৰ বাবে এনে নহয়, ক্ৰম’জমৰ পৰিৱৰ্তনহে ইয়াৰ বাবে দায়ী।

মানুহৰ লিংগ নিৰ্ণয়ৰ আটাইতকৈ গুৰুত্বপূৰ্ণ কাৰক মানুহৰ শৰীৰৰ কোষত থকা X আৰু Y ক্ৰম’জম দুটাত ব্যাপক পৰিৱৰ্তন ঘটিব পাৰে। Y ক্ৰম’জমটো নিজেই নোহোৱা হৈ যাব পাৰে। এই Y ক্ৰম’জমটোৱেই হৈছে পুৰুষৰ লিংগ নিৰ্ধাৰণকাৰী ক্ৰম’জম। Y ক্ৰম’জম ক্ৰমান্বয়ে কমি আহিছে। যদি এই ক্ৰম’জমবোৰ কমি গৈ নোহোৱা হৈ যায় তেন্তে পৃথিৱীত আৰু পুৰুষ প্ৰজাতি নাথাকিব।

জীৱবিজ্ঞানৰ জগতখনত স্তন্যপায়ী প্ৰাণীৰ মাইকী প্ৰাণীৰ দুটা এক্স ক্ৰম’জম আৰু পুৰুষৰ এটা এক্স আৰু এটা ৱাই ক্ৰম’জম থাকে। মানুহৰ ক্ষেত্ৰতো একেই কথা। এতিয়া এই এক্স ক্ৰম’জমত কমেও ৯০০টা জিন থাকে, যিবোৰে নাৰী লিংগ পৰিচয় গঠনত কাম কৰে। আনহাতে Y ক্ৰম’জমত মাত্ৰ ৫৫টা জিন থাকে, যিবোৰে ভ্ৰূণত পুৰুষৰ বৈশিষ্ট্য বিকশিত কৰে। শেহতীয়া গৱেষণাৰ পৰা দেখা গৈছে যে এই Y ক্ৰম’জমৰ সংখ্যা ক্ৰমান্বয়ে কমি আহিছে।

লগতে পঢ়কঃ অমানৱীয়! বিজেপি শাসিত মধ্যপ্ৰদেশত দলঙৰ পৰা নদীত পেলাই দিয়া হ’ল ৫০টা গৰু, অধিকাংশৰে মৃত্যু

মেলবৰ্ণৰ জিন বিজ্ঞানী অধ্যাপিকা জেনিফাৰ গ্ৰেভছে এই গৱেষণাৰ ব্যাখ্যা কৰি কয় যে বিগত ১৬.৬ কোটি বছৰত মানুহ আৰু প্লেটিপাছ উভয়েই ৱাই ক্ৰম’জমত ৫৫ৰ পৰা ৯০০টা সক্ৰিয় জিন হেৰুৱাইছে। এই ক্ষতিৰ পৰিমান সংখ্যাৰ হিচাপত প্ৰতি ১ মিলিয়ন বা ​​১০ লাখ বছৰৰ ভিতৰত বছৰি প্ৰায় পাঁচটা। ফলস্বৰূপে যদি এই হাৰত জিন ক্ষয় চলি থাকে তেন্তে অহা ১ কোটি ১০ লাখ বছৰত শেষৰ ৫৫টা জিনও হেৰাই যাব।

তেওঁৰ ভাষাত ‘বেছিভাগ ৱাই ক্ৰম’জম পুনৰাবৃত্তিমূলক ‘জাংক ডি এন এ’ৰে গঠিত, যিটো অস্থিৰ আৰু দুৰ্বল গঠনৰ। এই কাৰণেই Y ক্ৰম’জম ক্ৰমান্বয়ে নিজৰ অস্তিত্ব বজাই ৰখাত পিছুৱাই গৈছে । এনেকৈ থাকিলে  আগন্তুক সময়ত Y ক্ৰম’জমৰ অস্তিত্ব আৰু নাথাকিব।

এইদৰে ৱাই ক্ৰম’জম সম্পূৰ্ণৰূপে হেৰাই গ’লে কি হয় সেয়া বুজিবলৈ বিজ্ঞানীসকলে ইতিমধ্যে ৱাই ক্ৰম’জম হেৰুৱাই ভৱিষ্যতেও জীয়াই থকা দুটা এন্দুৰৰ বংশ বিশ্লেষণ কৰিছিল। হোকাইডো বিশ্ববিদ্যালয়ৰ জীৱবিজ্ঞানী আছাটো কুৰোৱাৰ নেতৃত্বত চলা এই অধ্যয়নত দেখা গৈছে যে মাইকী এন্দুৰৰ গোটবোৰ যথেষ্ট গৌৰৱান্বিত। কেৱল সেয়াই নহয়, ৱাই ক্ৰম’জম নোহোৱা হোৱাৰ আগতেই তেওঁলোকে এটা নতুন ক্ৰম’জম সৃষ্টি কৰিছিল, যিটো মতা এন্দুৰৰ জন্মৰ বাবে প্ৰয়োজনীয়।

লগতে পঢ়কঃ বৃদ্ধি কৰিব খুজিছে নেকি ৰোগ প্ৰতিৰোধ ক্ষমতা? প্ৰিয়জনক সাৱটি ধৰিলেই পাব সুফল

মানুহৰ লগত এনেকুৱা কিবা এটা হ’লে ভাল, নহ’লে ভৱিষ্যতৰ পৃথিৱীখন নাৰী বাহিনীয়ে শাসন কৰিব। জিন বিৱৰ্তনৰ জৰিয়তে নতুন কোনো লিংগও সৃষ্টি হব পাৰে। কিন্তু সেয়া হ’বলৈ বহু দেৰি আছে। ১১ মিলিয়ন বছৰৰ মানে হ’ল ১ কোটি বছৰতকৈও অধিক সময়ৰ পাছতো এনেকুৱা হ’ব পাৰে। অৱশ্যে ইয়াৰ ওপৰত অধিক গৱেষণাৰ প্ৰয়োজন।

Recent News

সৰুজানে পূৰ কৰিলে ৰাইজৰ আশা! কোন এই সৰুজান জানো আহক

সৰুজানে পূৰ কৰিলে ৰাইজৰ আশা! কোন এই সৰুজান জানো আহক

ৰাষ্ট্ৰীয় সন্মানেৰে সন্ত্ৰাসবাদীক শেষ বিদায়; পাকিস্তানী সেনা-প্ৰশাসনৰ উপস্থিতিক লৈ তীব্ৰ প্ৰতিক্ৰিয়া ভাৰতৰ

ৰাষ্ট্ৰীয় সন্মানেৰে সন্ত্ৰাসবাদীক শেষ বিদায়; পাকিস্তানী সেনা-প্ৰশাসনৰ উপস্থিতিক লৈ তীব্ৰ প্ৰতিক্ৰিয়া ভাৰতৰ

হতাশ অনুৰাগী! ‘বিৰাট’ যুগৰ অৱসান; টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ ‘কিং’ কোহলীৰ

হতাশ অনুৰাগী! ‘বিৰাট’ যুগৰ অৱসান; টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ ‘কিং’ কোহলীৰ

কৰাচী ধ্বংস কৰিবলৈ সাজু আছিল ভাৰতীয় নৌসেনা: সংবাদমেলত সদৰী কৰিলে ভাইচ এডমিৰেলে

কৰাচী ধ্বংস কৰিবলৈ সাজু আছিল ভাৰতীয় নৌসেনা: সংবাদমেলত সদৰী কৰিলে ভাইচ এডমিৰেলে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd