NORTHEAST NOW (Assamese)

চামগুৰিৰ কাৱৈমাৰীত নৱবিবাহিতাৰ ৰহস্যজনক মৃত্যুক লৈ স্থানীয় ৰাইজৰ প্ৰতিবাদ

October 29, 2018 7:16 pm · মিণ্টু দাস

এগৰাকী নৱবিবাহিতা মহিলাৰ মৃত্যুক কেন্দ্ৰ কৰি নগাঁও জিলাৰ চামগুৰি সমষ্টি অধীনৰ কাৱৈমাৰী আৰক্ষী চকীত আজি পুৱাই শতাধিক লোকে ঘেৰাও কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।

প্ৰাপ্ত তথ্য মতে এবছৰৰ পূৰ্বে চামগুৰি মোৱামাৰিৰ জেছমিনা খাতুন নামৰ যুৱতী গৰাকীৰ লগত ম’বাইল যোগে চিনাকী হৈছিল ৰূপহীহাটৰ জৰাথনী গাঁৱৰ নেকিবুল ইছলাম নামৰ এজন যুৱকৰ। পৰৱৰ্তী সময়ত এই মোবাইলৰ যোগে দুয়োৰে মাজত গঢ়ি উঠিছিল প্ৰেম।

এই প্ৰেমৰ সূত্ৰে ৬ মাহ পূৰ্বে জেছমিনা আৰু নেকিবুল আবদ্ধ হৈছিল বিবাহপাশত। কিন্তু মন কৰিবলগীয়া বিয়াৰ পিছৰে পৰা জেছমিনাৰ ওপৰত আৰম্ভ হয় স্বামীৰ পৰিয়ালৰ আতিশয্য। আৰু এই আতিশয্য চলোৱাৰ প্ৰধান কাৰণ হ’ল জেছমিনাৰ শৰীৰৰ বৰণ কৃষ্ণ বৰণ হোৱাটো।

আনহাতে জেছমিনাৰ পিতৃ-মাতৃয়ে জেছমিনাক স্বামী ঘৰৰ লোকে নিতৌ নিৰ্যাতন চলোৱা বুলিও অভিযোগ উত্থাপন কৰি অহাৰ মাজতে আজি পুৱতি নিশা স্বামীৰ পৰিয়ালৰ ঘৰৰ পৰা জেছমিনাৰ মৃত্যুৰ খবৰ পোৱাৰ লগে লগে এক হুলস্থলীয়া পৰিৱেশৰ সৃষ্টি হয়।

আনহাতে কাৱৈমাৰি আৰক্ষীয়ে আজি পুৱতি নিশা প্ৰায় তিনি মান বজাত জেছমিনাৰ মৃতদেহ উদ্ধাৰ কৰি নগাঁও অসামৰিক চিকিৎসালয়লৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।

নিহত জেছমিনাৰ ডিঙিত স্পষ্ট ভাৱে ৰছীৰ দাগ থকা বুলি আৰক্ষী সূত্ৰই জানিবলৈ দিয়াৰ লগতে আৰক্ষীয়ে এই সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে।

ইফালে জেছমিনাৰ পিতৃ-মাতৃয়ে জেছমিনাক স্বামী ঘৰৰ পৰিয়ালৰ লোকে হত্যা  কৰা বুলি সন্দেহ প্ৰকাশ কৰিছে অৱশ্যে এই কথা আৰক্ষীৰ তদন্তৰ অন্ততহে পোহৰলৈ আহিব যে জেছমিনাই আত্মহত্যা কৰিলে নে স্বামীৰ ঘৰৰ পৰিয়ালৰ লোকে হত্যা কৰিলে।

Related News