লকডাউন উলংঘা কৰি যাত্ৰা কৰা দৰা-কইনাৰ দেহত ধৰা পৰিল কৰ’না পজিটিভ; গাঁৱত হাহাকাৰ

images.jpeg-21-632x375

প্ৰতিনিধিত্বমূলক ফটো

সমগ্ৰ দেশতে লকডাউন চলি থকাৰ মাজতে এহাল দৰ-কইনাৰ কৰ’না পজিটিভ ধৰা পৰাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে।

লকডাউন চলি থকা সময়তে উত্তৰ প্ৰদেশৰ আজমগড়ৰ এক নৱ দম্পতীয়ে বিয়াৰ পাছতেই ৰাজস্থানলৈ যায়। তাত তেওঁলোকৰ পৰীক্ষা কৰাৰ পাছত দুয়োজনৰে কৰ’না পজিটিভ ধৰা পৰে।

ইয়াৰ পাছতে দৰা-কইনা দুয়োৰে ৰাজস্থানত চিকিৎসা চলাই থকা হৈছে।

ইপিনে, বিয়া হোৱা আজমগড়ৰ ছত্তৰপুৰ গাঁৱখনত হাহাকাৰৰ সৃষ্টি হৈছে। আৰক্ষীয়ে গোটেই গাঁৱখন ছীল কৰি দিছে আৰু ছেনিটাইজ কৰিবলৈ আৰম্ভ কৰিছে।

আৰক্ষীয়ে জানিবলৈ দিয়া মতে, ১৪ এপ্ৰিলত গাঁৱখনৰ পৰা দৰা-কইনা প্ৰথমতে গাজীপুৰলৈ যায় আৰু তাৰ পৰা সৰু গাড়ীৰে ৰাজস্থানলৈ যায়।

কইনাজনীৰ ঘৰ ছত্তৰপুৰ গাঁৱত। তেওঁৰ পৰিয়ালৰ আটাইকে কোৱাৰেন্টাইন কৰা হৈছে।

জানিব পৰা মতে, গাঁৱখনত ঘাইপথ নিৰ্মাণৰ বাবে এটা প্ৰকল্প চলি আছে য’ৰ পৰা  আজমগড়-জৈনপুৰ ফ’ৰলেন নিৰ্মাণৰ বাবে প্ৰয়োজনীয় কেচা সামগ্ৰী ইয়াৰ পৰা যোগান ধৰা হয়।

লকডাইনৰ কাৰণে ইয়াৰ কাম বন্ধ আছিল যদিও চৰকাৰে নিৰ্মাণ কাৰ্য আৰম্ভ কৰিবলৈ নিৰ্দেশ দিয়াৰ পাছতে ইয়াত কাম আৰম্ভ কৰা হয়। গাঁৱবাসীয়ে এতিয়া ইয়াৰ বিৰোধিতা কৰাৰ লগতে ইয়াৰ পৰা গাঁৱখনলৈ সংক্ৰমণ ঘটাৰ আশংকা প্ৰকাশ কৰিছে।

আজমগড়ৰ পৰা ৰাজস্থানলৈ যোৱা দৰা-কইনা হাল এই প্ৰকল্পটোৰ কাষতে আছিল। গাঁৱবাসীয়ে তেওঁলোকৰ কৰ’না পজিটিভ পোৱাৰ খৱৰ পোৱাৰ পাছত শংকিত হৈ পৰিছে আৰু প্ৰকল্পটো বন্ধ কৰাৰ বাবে দাবী তুলিছে।

তেওঁলোকে কয় যে কৰ’না পজিটিভ ৰোগী পোৱা অঞ্চলটো প্ৰশাসনে ছীল কৰি দিয়াৰ পাছত এই লোকসকলে কেনেকৈ আহি ইয়াত কাম কৰিব পাৰিছে।

আনহাতে, আৰক্ষীয়ে কয় যে চৰকাৰ তথা প্ৰশাসনৰ নিৰ্দেশত প্ৰকল্পটোৰ কাম আৰম্ভ কৰা হৈছে আৰু ইয়াত সামাজিত দূৰত্বৰ নিয়ম পালন কৰি শ্ৰমিকসকলে মাস্ক পিন্ধি কাম কৰি আছে।