NORTHEAST NOW (Assamese)

আত্মীয়ৰ ঘৰলৈ বুলি যাত্ৰা কৰা বিশ্বনাথৰ এজন বৃদ্ধ সন্ধানহীন

April 19, 2021 11:41 am · কাজি জেইদুল ইছলাম
Updated: April 19, 2021 11:44 am

আত্মীয়ৰ ঘৰলৈ বুলি যাত্ৰা কৰা বিশ্বনাথৰ এজন বৃদ্ধ সন্ধানহীন হৈ আছে।

বিশ্বনাথ ঘাটৰ গড় ভিতৰৰ পৰা যোৱা ৫ এপ্ৰিল তাৰিখ সোমবাৰে শিঙৰী অভিমুখে ৰাওনা হৈ সন্ধানহীন হোৱা ব্যক্তিগৰাকী হৈছে ৭০ বছৰীয়া গৌৰাংগ সৰকাৰ।

শিঙৰীস্থিত আত্মীয়ৰ ঘৰলৈ বুলি ওলোৱা ব্যক্তিজনৰ বয়স ৭০ বছৰ, ঠিকনা গড়ভিতৰ, বিশ্বনাথ ঘাট।

ইতিমধ্যে নিৰুদ্দেশলোক জনৰ পৰিয়ালবৰ্গ‌ই সন্ধান বিচাৰি বিশ্বনাথ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে।

বিশ্বনাথ আৰক্ষীয়ে নিৰুদ্দেশ হোৱা লোকজনক বিচাৰি বিভিন্ন স্থানত খবৰ দিছে যদিও সন্ধানহীন লোকজনৰ কোনো শুংসূত্ৰ উলিয়াবলৈ সক্ষম হোৱা নাই।

সেয়েহে কোনো সদাশয় ব্যক্তিয়ে উক্ত ব্যক্তিগৰাকীৰ সন্ধান পালে উপৰোক্ত ঠিকনা আৰু নিম্নোক্ত ফোন নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে পৰিয়ালৰ লোকে।

যোগাযোগ নম্বৰ হ’ল 6003694060 নাইবা  9678333114।

Related News