শিৱসাগৰ অসামৰিক চিকিৎসালয়ত সংলগ্ন-যমজ সন্তানৰ জন্ম

bd-separates-conjoined-twins-in-rare-surgery-1501694511-3885

প্ৰতিনিধিত্বমূলক ফটো

শিৱসাগৰ জিলাৰ জয়সাগৰত থকা শিৱসাগৰ অসামৰিক চিকিৎসালয়ত আজি সংলগ্ন-যমজ (conjoined twins) এহাল সন্তানৰ জন্ম হোৱা বুলি জানিব পৰা গৈছে। চিকিৎসালয়খনৰ প্ৰসূতি বিভাগৰ চিকিৎসকদ্বয় ডা: প্ৰশান্ত শৰ্মা আৰু ডা: ডুপ্লে পাটিৰে দুপৰীয়া প্ৰায় ১২-৪০ বজাত অস্ত্ৰোপচাৰৰ জৰিয়তে সন্তান দুটি জন্ম কৰোৱায়।

জন্মৰ কিছু সময়ৰ পাছতে মৃত্যু হোৱা সন্তান দুটাৰ ওজন আছিল ৩ কেজি ৫০০গ্ৰাম।মৃত্যু হোৱা দুয়োটা সন্তান কন্যা আছিল।

সন্তান দুটিৰ বিশেষত্ব হল যে দুয়োটা সন্তান পেটে পেটে সংলগ্ন হৈ আছিল। চিকিৎসাশাস্ত্ৰৰ মতে ইয়াক কনজইনড টুইন(conjoined twin) বুলি কোৱা হয়। চিকিৎসক দুজনে জানিবলৈ দিয়া মতে চিকিৎসালয়খনত পোন প্ৰথমবাৰৰ বাবে এনেকুৱা সন্তানৰ জন্ম হৈছে। তাৰোপৰি ৫০ হাজাৰৰ পৰা ১,৫০,০০০ লাখ দম্পতিৰ ভিতৰত এনেকুৱা এটা সন্তানৰ জন্ম হয়।
ভাৰতবৰ্ষত বছেৰকত প্ৰায় ৫০০০ এনেকুৱা সংলগ্ন যমজ সন্তান জন্ম হয়। জীনীয়ৰ বিসংগতিৰ ফলত এনেকুৱা সন্তানৰ জন্ম হয় বুলি বুলি চিকিৎসক দুগৰাকীয়ে জানিবলৈ দিয়ে ।

নিষেচনৰ সময়ত একক ডিম্বৰ পৰা দুটা ভ্ৰুণ বিকশিত হৈ গৰ্ভধাৰণৰ ১৩ৰ পৰা ১৫ দিনৰ ভিতৰত ইটোৰ পৰা সিটো ভ্ৰুণ সম্পূৰ্ণ বিচ্চিন্ন নোহোৱাৰ ফলত সংলগ্ন-যমজ শিশুৰ জন্ম হয় । সন্তান হালৰ মাতৃগৰাকী বৰ্তমান সুস্থ অৱস্থাত আছে বুলি চিকিসকে জানিবলৈ দিছে{