মাটিয়াত দুই বনৰীয়া হাতীৰ যুঁজ; ৰুদ্ৰমূৰ্তি ধৰি খেদিবলৈ চেষ্টা কৰা বনকৰ্মী, আৰক্ষী আৰু ৰাইজলৈ চোঁচা

ফটো: নৰ্থইষ্ট নাও।

গোৱালপাৰাৰা জিলাৰ মাটিয়াত হাতী-মানুহৰ সংঘাতৰ মাজতে দেখা গ’ল এক  শিহৰণকাৰী দৃশ্য ৷ মাটিয়াৰ গোপালপুৰ গাঁৱত দিনৰ ভাগতে দুটাকৈ হাতীয়ে প্ৰৱেশ কৰি সন্ত্ৰাসৰ সৃষ্টি কৰে৷ গাঁৱৰ মাজৰ পথৰ ওপৰত যুঁজ কৰি থকা হাতী দুটাক বনাঞ্চললৈ খেদিবলৈ চেষ্টা কৰোঁতে হাতী দুটাই বনকৰ্মী, আৰক্ষী আৰু ৰাইজলৈ চোঁচা লয় ৷ সেই সময়ত ঘটনাস্থলীত সাংবাদিকো উপস্থিত আছিল ৷

আৰক্ষীৰ সহযোগত বনকৰ্মীয়ে শূন্যলৈ গুলী কৰি গাঁৱৰ মাজৰ পৰা আঁতৰাবলৈ চেষ্টা কৰোতেই চোঁচা লয় হাতী দুটাই ৷ প্ৰায় তিনিশ মিটাৰ দুৰত্বলৈ খেদি যায় হাতী দুটাই। কথমপি দৌৰি প্ৰাণ ৰক্ষা পৰে কেইবাজনো লোকৰ ৷ হাতীয়ে খেদি যোৱাত খাৱৈত পৰি আহত হয় এগৰাকী বনকৰ্মী ৷ আহত বনকৰ্মী গৰাকীৰ নাম ৰহিণী নাথ৷

অতি ৰুদ্ৰমূৰ্তি ধাৰণ কৰা হাতী দুটাই বনকৰ্মীৰ গুলীলৈও কেৰেপ নকৰি খেদি আহে ৷ কেবাজাঁই শূন্যলৈ গুলী কৰাৰ পাছতো উন্মাদ হাতী দুটাই খেদি আহে৷

ফটো: নৰ্থইষ্ট নাও।

উল্লেখ্য যে, গোৱালপাৰা জিলাত ভয়ংকৰ ৰূপত বৃদ্ধি হৈছে হাতী-মানুহৰ সংঘাত ৷ জিলাখনৰ মাটিয়াত অব্যাহত আছে বনৰীয়া হাতীৰ সন্ত্ৰাস ৷ প্ৰায় এসপ্তাহ ধৰি মাটিয়াৰ বিভিন্ন গাঁৱত বনৰীয়া হাতীয়ে নিদ্ৰা হৰিছে সৰ্ব সাধাৰণ ৰাইজৰ ৷ কেৱল নিশাই নহয়, দিনৰ ভাগতো মাটিয়াৰ কেইবাখনো গাঁৱত মুক্তভাৱে বিচৰণ কৰি তাণ্ডৱ চলাই গৈছে বনৰীয়া হাতীয়ে ৷ আনকি হাতীৰ আক্ৰমণত মৃত্যুও হ’বলগীয়া হৈছে মানুহৰ ৷ আনহাতে ঘৰ-বাৰী, খেতিপথাৰ বিনষ্ট কৰি গৈছে বনৰীয়া হাতীয়ে ৷

যোৱা নিশা খাদ্যৰ সন্ধানত গোপালপুৰ গাঁৱত প্ৰৱেশ কৰে দুটা প্ৰকাণ্ড হাতীয়ে ৷ নিশাৰ ভাগত প্ৰৱেশ কৰা হাতী দুটাই বনাঞ্চললৈ নগৈ গাঁওখনৰ এখন বাঁহনিত বিচৰণ কৰে ৷ পৰৱৰ্তী পৰ্যায়ত বন বিভাগ আৰু আৰক্ষী উপস্থিত হৈ হাতী দুটাক আঁতৰাই পঠিয়াবলৈ চেষ্টা কৰে যদিও বিফল হয় ৷ কাৰণ দিনৰ ভাগত চৌদিশে মানুহ থকাৰ বাবে হাতী দুটা খেদি পঠিয়াব নোৱাৰিলে বন বিভাগে ৷

অৱশ্যে বন বিভাগ আৰু আৰক্ষীয়ে কেইবাঘণ্টা ধৰি নজৰত ৰাখে হাতী দুটাক ৷ তাৰ মাজতে তৎমুহূৰ্ততে গাঁৱৰ মাজ ভাগলৈ সোমাই গৈ যুঁজ কৰাত খেদিবলৈ চেষ্টা কৰোতে মানুহলৈ খেদি আহে হাতী দুটাই ৷ অৱশ্যে কথমপি ভয়ংকৰ বিপদৰ পৰা সকলো ৰক্ষা পৰে ৷