বাক্সাৰ তামুলপুৰত ভয়াবহ পথ দুৰ্ঘটনা: থিতাতে নিহত এজন, আহত শিশু

তামুলপুৰ থানাৰ অন্তৰ্গত ৰঙিয়া-তামুলপুৰ-ভূটান ৰাষ্ট্ৰীয় ঘাই পথৰ বৰখাটা চ’কত আজি দুপৰীয়া এক ভয়াবহ পথ দুৰ্ঘটনা সংঘটিত হয় ৷

দুৰ্ঘটনাৰ ফলত থিতাতে নিহত হয় এজন লোক ৷ নিহত লোকজন তামুলপুৰৰ চিকনীবাৰীৰ মনচুৰ আলী(৪০) বুলি চিনাক্ত হৈছে ৷

আনহাতে, পিতৃ মনচুৰ আলীৰ আঠবছৰীয়া পুত্ৰও আহত হয় ৷

জানিব পৰা মতে আজি বৰঙাজুলি চাহ বাগিচাৰ পৰা এছ ”০১- ডিএফ- ৪৮৯৪ নম্বৰৰ এখন বলেৰ’ গাড়ী তামুলপুৰ হৈ ৰঙিয়া অভিমুখে গৈ আছিল।

মনচুৰ আলী তেওঁৰ এছ- ২৫ আৰ -৩৪৫৮ নম্বৰৰ গ্লেমাৰ বাইকেৰে তামুলপুৰৰ দিশে আহি থকা অৱস্থাত বলেৰ’ খনৰ সৈতে বৰখাটা চকত মুখামুখি সংঘৰ্ষৰ সন্মুখীন হয় ৷

দুৰ্গটনাটোৰ ফলত গুৰুতৰভাৱে আহত হয় পিতা-পুত্ৰ।

পথ দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পিছতে স্থানীয় লোকে আৰক্ষীৰ সহযোগত মনচুৰ আলী আৰু আঠবছৰীয়া পুত্ৰক সংকটজনক অৱস্থাত  উদ্ধাৰ কৰি তামুলপুৰ প্ৰাথমিক চিকিৎসালয়ত ভৰ্তি কৰায় যদিও চিকিৎসালয়তে মনচুৰ আলীয়ে শেষ নিশ্বাস ত্যাগ কৰে ৷

ইপিনে, নিহত মনচুৰ আলীৰ আঠবছৰীয়া পুত্ৰ গৰাকীক উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰা হয় ৷