এয়া মাথোঁ অসম মুলুকতেই সম্ভৱপৰ। সোণৰ অসম গঢ়িবলৈ আগবঢ়া অসমৰ অন্যতম ছাত্ৰ সংগঠন— অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ পৰা বাৰে বাৰে অহা ধনদাবীক লৈ অতিষ্ঠ হৈ পৰিছে ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ত সেৱা আগবঢ়াই অহা বিশিষ্ট স্নায়ু শল্য চিকিৎসক ড০ ধ্ৰুবজ্যোতি কুৰ্মী।
বহিঃৰাজ্যত আগবঢ়োৱা লোভনীয় দৰমহাৰ মোহ ত্যাগ কৰি অসমৰ জনসাধাৰণক সেৱা আগ বঢ়োৱাৰ পণ লোৱা ড০ কুৰ্মী ২০১৫ চনৰ পৰাই এএমচিএইচ্চত নিয়োজিত হৈ আছে।
ডিব্ৰুগড়ৰ টিংখঙৰ ২নং বামুণপুখুৰী গাঁৱৰ পৰা ওলাই আহি এগৰাকী আগশাৰীৰ স্নায়ু শল্য চিকিৎসক হিচাপে পৰিগণিত হোৱা ড০ কুৰ্মীয়ে অসম চিকিৎসা মহাবিদ্যালয়ৰ অতি সীমিত সুবিধাৰ মাজতেই, আনকি এটা স্নায়ু অস্ত্ৰোপচাৰৰ বাবে বিশেষীকৃত অস্ত্ৰোপচাৰ কক্ষ নথকা সত্ত্বেও, দিনে নিশাই সেৱা আগবঢ়াই আহিছে।
ড০ কুৰ্মীয়ে জনাইছে যে নিজৰ বিবেকৰ নিৰ্দেশ মানি তেওঁ নিজৰ জন্মভূমিৰ বাসিন্দাসকলক চিকিৎসা সেৱা আগবঢ়াবলৈ অসম চিকিৎসা মহাবিদ্যালয়ত যোগদান কৰিছে। তেওঁ কৈছে যে মাত্ৰ ৪২ হেজাৰ টকা দৰমহাত তেওঁ চিকিৎসা মহাবিদ্যালয়খনত অস্থায়ী পদবীত কৰ্মৰত আছে।
উল্লেখ্য যে বৰ্তমানৰ চৰকাৰে শেহতীয়াভাৱে স্নায়ু শল্য চিকিৎসাৰ সৈতে জড়িত কিছুমান অতি গুৰুত্বপূৰ্ণ আহিলা যোগান ধৰিছে যদিও বৰ্তমানো অসম চিকিৎসা মহাবিদ্যালয়ত স্নায়ু শল্য চিকিৎসা বিভাগটো পূৰ্ণ পৰ্যায়ৰ হৈ উঠা নাই।
ড০ কুৰ্মীয়ে জনাইছে যে দিনত সাধাৰণ অস্ত্ৰোপচাৰ কক্ষসমূহ ব্যস্ত থকাৰ হেতুকে তেওঁ নিশাৰ ভাগত অস্ত্ৰোপচাৰ সম্পন্ন কৰি আহিছে। এনেদৰে নিজৰ আৰামৰ কথা নাভাবি তেওঁ প্ৰতি মাহে ২০ৰ পৰা ২৫টা লৈকে গুৰুত্বপূৰ্ণ স্নায়ু অস্ত্ৰোপচাৰ সম্পন্ন কৰি আহিছে।
কিন্তু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ধাৰাবাহিকভাৱে ধনদাবী কৰি কৰি এই প্ৰতিভাশালী স্নায়ু শল্য চিকিৎসকগৰাকীৰ জীৱন বিপৰ্যস্ত কৰি তুলিছে। আনকি নিজৰ ৪৮,০০০ টকা দৰমহাৰ পৰা ১২,০০০ টকা দিয়াৰ পাছতো সংগঠনটোৰ সদস্যসকল সন্তুষ্ট হোৱা নাই বুলি নিজৰ ফে’চবুক প’ষ্টত প্ৰকাশ কৰিছে ড০ কুৰ্মীয়ে।
এতিয়া ড০ কুৰ্মীয়ে মাজে মাজে ভাবে— নিজৰ পৰিয়াল, সন্তানৰ ভৱিষ্যত তথা আৰামৰ কথা নাভাবি অসমলৈ উভতি আহি তেওঁ বাৰু ভুল কৰিলে নেকি?
তেওঁ মাজে মাজে ভাবে— অসম চিকিৎসা মহাবিদ্যালয়ৰ চাকৰি বাদ দি প্ৰাইভেট প্ৰেকটিছ আৰম্ভ কৰাটোকেই অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে বিচাৰে নেকি?