বিশিষ্ট কবি হৰেকৃষ্ণ ডেকাৰ কবিতা- ভোগালী

ভোগালী

 

শূণ্য পথাৰখনত বতাহে হাবাথুৰি খাই কি বিচাৰিছে?

শস্য চপোৱা হ’ল৷ গুটিধানবোৰ ভৰালত৷

আউল-বাউল বতাহৰ বিননিত শুই থকা নৰাবোৰে

চক খাই উঠি মূৰ তুলি চাইছে৷ বতাহৰ চকুপানী

নিয়ৰ টোপাল হৈ সৰিছে আৰু নৰাবোৰ সেমেকা হৈ পৰিছে৷

বতাহৰ মুখত হাঁহি দিবলৈ মেজিটো জ্বলাই

হৈ-ধ্বনি দিয়াহি৷ দোকমোকালিৰ বেলিলৈ চাই কোৱাহি,

অহাবাৰো আমাৰ পথাৰ যেন ধানেৰে সোণালী কৰা৷

 

এই ভোগালিতে,

দিহিঙে-দিপাঙে

পথাৰে-পথাৰে

মেজিৰ সেক লৈ,

সেৱাটি জনাই,

গঞা-জ্ঞাতি এক হোৱা৷

—–