বিশ্ব কবিতা দিৱস: বিশিষ্ট কবি হৰেকৃষ্ণ ডেকাৰ কবিতা- ‘কবিতাৰ দিন’

কবিতাৰ দিন

—————–

কালি গধূলি পথাৰৰ গছকেইজোপাৰ ডালবোৰ

লঠঙা হৈ পৰা দেখিছিলোঁ ৷

সৰাপাতে তল ভৰি আছিল ৷

চকুত লাগিছিল হেলনীয়া বেলিৰ হালধীয়া পোহৰ ৷

দোকমোকালিতে বতাহৰ সতেজ স্পর্শ পালোঁ ৷

পথাৰলৈ ওলাই আহিলোঁ ৷

দেখিলোঁ, সৰাপাতবোৰ  এজাক ভাটৌ হৈ

ক’ৰবালৈ উৰি গ’ল !

কেৱল কল্পনাহে আছে ৷

কাকতৰ ওপৰত থিৰ হৈ আছে কলম ৷

উকা কাকতত চিয়াঁহিয়ে চিন দিব পৰা নাই ৷

যদি ভাটৌৰ জাক মোৰ মূৰৰ ভিতৰলৈ সোমালহেতেন !

খুটিয়াই আখৰবোৰ আঙুলিৰে সৰালেহেতেন !

আধুনিকৰ পৰা অতি-আধুনিক বাটেৰে ঘূৰোতে

পথাৰ, গছ, ভাটৌৰ কথা পাহৰিছিলোঁ ৷

খেলিমেলি কোলাহলৰ জটৰ মাজেদি

পথ বিচাৰোতে

শব্দৰ ভগা-ছিগা আখৰুৱা টুকুৰাবোৰ

গুবৰুৱাৰ গুঞ্জনৰ দৰে হৈছিল

আৰু মূৰ-ঘূৰণিত হেৰাইছিল ৷

তাৰ আগতে মৃত কবিসকলৰ লগত

সহবাস কৰিছিলোঁ ৷

তেওঁলোকে উদ্যান একোখন পাতিছিল ৷

তেওঁলোকৰ সতে’ আলাপো কৰিছিলোঁ ৷

কিন্তু পিছত দেখোন উদ্যানত

ফুলৰ ঠাইত বন গজাহে দেখিছিলোঁ !

ফুলবোৰক যেতিয়া জাকি মৰা পখিলা যেন লাগিছিল

তেতিয়াই চহৰীয়া বাটত দ্রুত যানৰ ভ্রমণ-সূচী পাইছিলোঁ ৷

পুৰণি ঢঙৰ বাগিছা আওপুৰণি যেন লাগিছিল ৷

বনগুটি নিবিচাৰোঁ বুলি ওলাই আহিছিলোঁ ৷

বাট-পথ যে ভাগি-ছিগি আছে জনা হলে !

যান-জটৰ কথা কোনোবাই কোৱা হলে !

এই ভ্রমণ-সূচীত ক’তো নিৰৱতা নাই,

কেৱল উকা কাকতহে নিৰৱ ৷

য’ত বিচাৰোঁ মুখৰতা,

তাত জঠৰ সকলো কথা ৷

 

পৰিহাস !

মৃত কবিসকলে কাণে কাণে কিবা কৈছে ৷

তেওঁলোক মৃত হৈও জীয়াই আছে ৷

তেওঁলোকৰ বাগিছাত বনৰ মাজত

এতিয়াও ফুলগছ আছে ৷ ঠন ধৰা গছত

পখিলাবোৰ দেখোন ফুল হৈ আছে !

আজি কবিতাৰ দিন ৷

এতিয়া কলমৰ আগ কঁপিছে ৷

মগজুত শুনিছোঁ,

য’ত যি পালোঁ মথি উলিয়াব জানিলে

চিয়াঁহিৰ আঁকত খেলিমেলি কথা

কবিতা হ’ব ৷