• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, October 3, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিশ্ব কবিতা দিৱস: বিশিষ্ট কবি হৰেকৃষ্ণ ডেকাৰ কবিতা- ‘কবিতাৰ দিন’

হৰেকৃষ্ণ ডেকা by হৰেকৃষ্ণ ডেকা
March 21, 2023 1:20 pm
29
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কবিতাৰ দিন

—————–

কালি গধূলি পথাৰৰ গছকেইজোপাৰ ডালবোৰ

Apply Now

লঠঙা হৈ পৰা দেখিছিলোঁ ৷

সৰাপাতে তল ভৰি আছিল ৷

চকুত লাগিছিল হেলনীয়া বেলিৰ হালধীয়া পোহৰ ৷

দোকমোকালিতে বতাহৰ সতেজ স্পর্শ পালোঁ ৷

পথাৰলৈ ওলাই আহিলোঁ ৷

দেখিলোঁ, সৰাপাতবোৰ  এজাক ভাটৌ হৈ

ক’ৰবালৈ উৰি গ’ল !

কেৱল কল্পনাহে আছে ৷

কাকতৰ ওপৰত থিৰ হৈ আছে কলম ৷

উকা কাকতত চিয়াঁহিয়ে চিন দিব পৰা নাই ৷

যদি ভাটৌৰ জাক মোৰ মূৰৰ ভিতৰলৈ সোমালহেতেন !

খুটিয়াই আখৰবোৰ আঙুলিৰে সৰালেহেতেন !

আধুনিকৰ পৰা অতি-আধুনিক বাটেৰে ঘূৰোতে

পথাৰ, গছ, ভাটৌৰ কথা পাহৰিছিলোঁ ৷

খেলিমেলি কোলাহলৰ জটৰ মাজেদি

পথ বিচাৰোতে

শব্দৰ ভগা-ছিগা আখৰুৱা টুকুৰাবোৰ

গুবৰুৱাৰ গুঞ্জনৰ দৰে হৈছিল

আৰু মূৰ-ঘূৰণিত হেৰাইছিল ৷

তাৰ আগতে মৃত কবিসকলৰ লগত

সহবাস কৰিছিলোঁ ৷

তেওঁলোকে উদ্যান একোখন পাতিছিল ৷

তেওঁলোকৰ সতে’ আলাপো কৰিছিলোঁ ৷

কিন্তু পিছত দেখোন উদ্যানত

ফুলৰ ঠাইত বন গজাহে দেখিছিলোঁ !

ফুলবোৰক যেতিয়া জাকি মৰা পখিলা যেন লাগিছিল

তেতিয়াই চহৰীয়া বাটত দ্রুত যানৰ ভ্রমণ-সূচী পাইছিলোঁ ৷

পুৰণি ঢঙৰ বাগিছা আওপুৰণি যেন লাগিছিল ৷

বনগুটি নিবিচাৰোঁ বুলি ওলাই আহিছিলোঁ ৷

বাট-পথ যে ভাগি-ছিগি আছে জনা হলে !

যান-জটৰ কথা কোনোবাই কোৱা হলে !

এই ভ্রমণ-সূচীত ক’তো নিৰৱতা নাই,

কেৱল উকা কাকতহে নিৰৱ ৷

য’ত বিচাৰোঁ মুখৰতা,

তাত জঠৰ সকলো কথা ৷

পৰিহাস !

মৃত কবিসকলে কাণে কাণে কিবা কৈছে ৷

তেওঁলোক মৃত হৈও জীয়াই আছে ৷

তেওঁলোকৰ বাগিছাত বনৰ মাজত

এতিয়াও ফুলগছ আছে ৷ ঠন ধৰা গছত

পখিলাবোৰ দেখোন ফুল হৈ আছে !

আজি কবিতাৰ দিন ৷

এতিয়া কলমৰ আগ কঁপিছে ৷

মগজুত শুনিছোঁ,

য’ত যি পালোঁ মথি উলিয়াব জানিলে

চিয়াঁহিৰ আঁকত খেলিমেলি কথা

কবিতা হ’ব ৷

হৰেকৃষ্ণ ডেকা

হৰেকৃষ্ণ ডেকা

ভাৰতীয় আৰক্ষী সেৱাৰ প্ৰাক্তন বিষয়া, বিশিষ্ট কবি, লেখক

Stay Connected

  • 117k Fans

Recent News

৭ বছৰ পাছতো এনআৰচিৰ পৰা বাদ পৰা ১৯ লাখ লোকে লাভ কৰা নাই প্ৰত্যাখ্যান পত্ৰ! উচ্চতম ন্যায়ালয়ত তথ্য সদৰী কেন্দ্ৰৰ

৭ বছৰ পাছতো এনআৰচিৰ পৰা বাদ পৰা ১৯ লাখ লোকে লাভ কৰা নাই প্ৰত্যাখ্যান পত্ৰ! উচ্চতম ন্যায়ালয়ত তথ্য সদৰী কেন্দ্ৰৰ

October 3, 2026 9:07 pm
গৰু সৰবৰাহ কৰিলেই গো-হত্যাৰ অপৰাধ নহয়! আৰক্ষীৰ অনুমানৰ ভিত্তিত শাস্তি দিয়া কাৰ্যক নাকচ উচ্চতম ন্যায়ালয়ৰ

গৰু সৰবৰাহ কৰিলেই গো-হত্যাৰ অপৰাধ নহয়! আৰক্ষীৰ অনুমানৰ ভিত্তিত শাস্তি দিয়া কাৰ্যক নাকচ উচ্চতম ন্যায়ালয়ৰ

October 3, 2026 8:19 pm
অসমৰ বান সমস‍্যাক ৰাষ্ট্ৰীয় জাতীয় সমস‍্যা হিচাপে গণ‍্য কৰাৰ দাবীত দিল্লীত ডি ৱাই এফ আইৰ প্ৰতিবাদী কাৰ্যসূচী

অসমৰ বান সমস‍্যাক ৰাষ্ট্ৰীয় জাতীয় সমস‍্যা হিচাপে গণ‍্য কৰাৰ দাবীত দিল্লীত ডি ৱাই এফ আইৰ প্ৰতিবাদী কাৰ্যসূচী

October 3, 2026 7:16 pm
উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ পাছতো বাংলাদেশলৈ বিতাড়ন! নগাঁৱৰ দুগৰাকী মহিলাক ঘূৰাই অনাৰ দাবীত সৰৱ সাংসদ গৌৰৱ গগৈ

উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ পাছতো বাংলাদেশলৈ বিতাড়ন! নগাঁৱৰ দুগৰাকী মহিলাক ঘূৰাই অনাৰ দাবীত সৰৱ সাংসদ গৌৰৱ গগৈ

October 3, 2026 7:02 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

৭ বছৰ পাছতো এনআৰচিৰ পৰা বাদ পৰা ১৯ লাখ লোকে লাভ কৰা নাই প্ৰত্যাখ্যান পত্ৰ! উচ্চতম ন্যায়ালয়ত তথ্য সদৰী কেন্দ্ৰৰ

৭ বছৰ পাছতো এনআৰচিৰ পৰা বাদ পৰা ১৯ লাখ লোকে লাভ কৰা নাই প্ৰত্যাখ্যান পত্ৰ! উচ্চতম ন্যায়ালয়ত তথ্য সদৰী কেন্দ্ৰৰ

October 3, 2026 9:07 pm
গৰু সৰবৰাহ কৰিলেই গো-হত্যাৰ অপৰাধ নহয়! আৰক্ষীৰ অনুমানৰ ভিত্তিত শাস্তি দিয়া কাৰ্যক নাকচ উচ্চতম ন্যায়ালয়ৰ

গৰু সৰবৰাহ কৰিলেই গো-হত্যাৰ অপৰাধ নহয়! আৰক্ষীৰ অনুমানৰ ভিত্তিত শাস্তি দিয়া কাৰ্যক নাকচ উচ্চতম ন্যায়ালয়ৰ

October 3, 2026 8:19 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd